
- পাঁচ বছৰীয়া চুক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলক বিত্তীয় সাক্ষৰতা আৰু বিনিয়োগৰ বুজাবুজিৰে সবলীকৰণ কৰিব
নতুন দিল্লী, ২৭ নৱেম্বৰ (হি.স.)। ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিক সজাগতা, দায়িত্বশীল বিনিয়োগ, আৰু আত্মনিৰ্ভৰশীলতাৰে সৱলীকৰণৰ বাবে গালগোটিয়াছ বিশ্ববিদ্যালয়ে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। শুকুৰবাৰে বিশ্ববিদ্যালয়খনে দেশৰ আগশাৰীৰ ষ্টক এক্সচেঞ্জ বিএছই লিমিটেডৰ সৈতে পাঁচ বছৰীয়া বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।
এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে বিএছই লিমিটেডৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰৰাম ৰামামূৰ্তি আৰু গালগোটিয়াছ বিশ্ববিদ্যালয়ৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ ধ্ৰুৱ গালগোটিয়াই। এই উপলক্ষে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° এন কে গৌৰো উপস্থিত থাকে। বিশ্ববিদ্যালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে এই অংশীদাৰিত্বই ছাত্ৰ-ছাত্ৰীসকলক বিত্তীয় সাক্ষৰতা, বিনিয়োগকাৰীৰ সজাগতা, আৰু মূলধনী বজাৰৰ কাৰ্য্যকলাপৰ সৈতে জড়িত ব্যৱহাৰিক জ্ঞান প্ৰদান কৰিব, যাৰ ফলত তেওঁলোকে নিজৰ ধন ভালদৰে পৰিচালনা কৰিব পাৰিব আৰু কেৰিয়াৰৰ আৰম্ভণিৰে পৰাই নিৰাপদ বিনিয়োগ কৰিব পাৰিব। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক সঞ্চয়, বিনিয়োগ, মূলধনী বজাৰ, আৰু বিত্তীয় জালিয়াতি প্ৰতিৰোধৰ বিষয়ে ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হ’ব।
তেওঁ উল্লেখ কৰে যে এই কাৰ্যসূচী ছাত্ৰ-ছাত্ৰীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ’ব। এই পদক্ষেপত চূড়ান্ত বৰ্ষৰ সকলো ছাত্ৰ-ছাত্ৰীক জড়িত কৰাৰ লক্ষ্য বিশ্ববিদ্যালয়খনৰ। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে এন আই এছ এমৰ দ্বাৰা পৰিচালিত ছেবি বিনিয়োগকাৰী সজাগতা পৰীক্ষা (এছ আই এ টি)ত অংশগ্ৰহণ কৰিব। পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব প্ৰমাণ পত্ৰ। প্ৰথম গোটৰ অংশীদাৰ প্ৰশিক্ষকৰ প্ৰমাণপত্ৰ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰশিক্ষণ অধিবেশন আৰম্ভ হ’ব।
এই অংশীদাৰিত্বৰ সন্দৰ্ভত গালগোটিয়াছ বিশ্ববিদ্যালয়ৰ চিইঅ’ ড০ ধ্ৰুৱ গালগোটিয়াই কয়, এটা উন্নত ভাৰতৰ বাবে এনে এটা প্ৰজন্ম সৃষ্টি কৰাটো প্ৰয়োজন যিয়ে প্ৰযুক্তিৰ দৰেই আত্মবিশ্বাসেৰে ধন আৰু আৰ্থিক সম্পদ বুজি পায়। তেওঁ লগতে কয় যে বিএছইৰ সৈতে এই সহযোগিতাই আমাৰ ছাত্ৰ-ছাত্ৰীসকলক অনুমানৰ পৰিৱৰ্তে জ্ঞানৰ ভিত্তিত উপাৰ্জন, সঞ্চয়, আৰু বিনিয়োগ কৰিবলৈ সক্ষম কৰিব। আমি এই পদক্ষেপক ফলপ্ৰসূ কৰিবলৈ আমাৰ অধ্যাপক আৰু সমগ্ৰ কেম্পাছক নিয়োজিত কৰিম।
গালগোটিয়াছ ডাইলগ ছিৰিজত বিএছইৰ চিইঅ’ আৰু পৰিচালন সঞ্চালক সুন্দৰৰাম ৰামামূৰ্তিয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। ৰামামূৰ্তিয়ে গালগোটিয়াছ ডাইলগ ছিৰিজৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক এই অংশীদাৰিত্বৰ বিষয়ে অৱগত কৰে। তেওঁ বিশ্ববিদ্যালয়খনৰ আধুনিক আন্তঃগাঁথনি আৰু ছাত্ৰ-ছাত্ৰীৰ উদ্ভাৱনী ক্ষমতাক প্ৰশংসা কৰে।
উল্লেখযোগ্য যে এই সহযোগিতা ছেবিৰ প্ৰকল্প ‘জাগ্ৰুক’ৰ অধীনত ৰাষ্ট্ৰীয় নিৰাপত্তা বজাৰ সজাগতা অভিযান (এন এছ এম এ চি)ৰ অধীনত অনুষ্ঠিত হ’ব। প্ৰশিক্ষকৰ দ্বাৰা বিশ্ববিদ্যালয়/মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক মেণ্টৰিং (এমইউএছটি) কাৰ্যসূচী ব্যৱহাৰ কৰা হ’ব। ১৮৭৫ চনত স্থাপিত আৰু এছিয়াৰ আটাইতকৈ পুৰণি ষ্টক এক্সচেঞ্জ বিএছইয়ে এই পদক্ষেপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক জ্ঞাত বিত্তীয় সিদ্ধান্ত ল’বলৈ সক্ষম কৰাত বিশ্ববিদ্যালয়খনক সহায় কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া