দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৪.৪৪ বিলিয়ন ডলাৰ হ্ৰাস পাই ৭০০.৯০ বিলিয়ন ডলাৰ
নতুন দিল্লী, ২৭ নৱেম্বৰ (হি.স.)। একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে হ্ৰাস পাইছে বৈদেশিক মুদ্ৰাৰ মজুত। ২০ নৱেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৪.৪৪৩ বিলিয়ন ডলাৰ হ্ৰাস পাই ৭০০.৯০ বিলিয়ন ডলাৰ হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে প্ৰ
विदेशी मुद्रा भंडार के लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ২৭ নৱেম্বৰ (হি.স.)। একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে হ্ৰাস পাইছে বৈদেশিক মুদ্ৰাৰ মজুত। ২০ নৱেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৪.৪৪৩ বিলিয়ন ডলাৰ হ্ৰাস পাই ৭০০.৯০ বিলিয়ন ডলাৰ হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে প্ৰকাশ কৰা তথ্যত এই তথ্য প্ৰদান কৰিছে। এসপ্তাহ পূৰ্বে দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ১৪.২১ বিলিয়ন ডলাৰ হ্ৰাস পাই ৭০৫.৩৪ বিলিয়ন ডলাৰ হৈছিল।

আৰ বি আইৰ তথ্য অনুসৰি এই সময়ছোৱাত বৈদেশিক মুদ্ৰাৰ মজুতৰ সৰ্ববৃহৎ উপাদান বিদেশী মুদ্ৰাৰ সম্পত্তি ২৬৬ মিলিয়ন ডলাৰ হ্ৰাস পাই ৫৮৩.১৮ বিলিয়ন ডলাৰ হৈছে। ইফালে, একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে সোণৰ মজুত হ্ৰাস পাই ৪.০৯ বিলিয়ন ডলাৰ যথেষ্ট হ্ৰাস পাই ৯৪.৫২ বিলিয়ন ডলাৰ হৈছে।

তথ্য অনুসৰি বিশেষ ড্ৰয়িং ৰাইটছ (এছডিআৰ) ৬৭ মিলিয়ন ডলাৰ হ্ৰাস পাই ১৮.৪৫ বিলিয়ন ডলাৰ হৈছে। ইফালে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ সৈতে ভাৰতৰ মজুত ১৫ মিলিয়ন ডলাৰ হ্ৰাস পাই ৪.৭৪ বিলিয়ন ডলাৰ হৈছে।

উল্লেখযোগ্য যে ৪ ছেপ্টেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বকালৰ সৰ্বোচ্চ ৭৮৫.৭০ বিলিয়ন ডলাৰত উপনীত হৈছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande