ঘৰুৱা শ্বেয়াৰ বজাৰ ইতিবাচক ৰূপত মুকলি, চেন্সেক্স ১৯০.৩৬ পইণ্ট বৃদ্ধি
নতুন দিল্লী, ২৬ নৱেম্বৰ (হি.স.)। সপ্তাহটোৰ চতুৰ্থ ব্যৱসায়িক দিন বৃহস্পতিবাৰে ইতিবাচক ৰূপত মুকলি হয় ঘৰুৱা শ্বেয়াৰ বজাৰ। দুয়োটা প্ৰধান সূচকাংক চেন্সেক্স আৰু নিফটিয়ে প্ৰাৰম্ভিক ব্যৱসায়ত অধিক ব্যৱসায় কৰি আছে। চেন্সেক্সে প্ৰায় ১৯০ পইণ্টৰ লাভৰ সৈ
शेयर बाजार के लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ২৬ নৱেম্বৰ (হি.স.)। সপ্তাহটোৰ চতুৰ্থ ব্যৱসায়িক দিন বৃহস্পতিবাৰে ইতিবাচক ৰূপত মুকলি হয় ঘৰুৱা শ্বেয়াৰ বজাৰ। দুয়োটা প্ৰধান সূচকাংক চেন্সেক্স আৰু নিফটিয়ে প্ৰাৰম্ভিক ব্যৱসায়ত অধিক ব্যৱসায় কৰি আছে। চেন্সেক্সে প্ৰায় ১৯০ পইণ্টৰ লাভৰ সৈতে ব্যৱসায় কৰাৰ বিপৰীতে নিফটিয়েও ১৮ পইণ্টতকৈ অধিক লাভৰ সৈতে ব্যৱসায় কৰি আছে।

বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্স (বিএছই)ৰ মূল্য ১৯০.৩৬ পইণ্ট বা ০.২৩ শতাংশ বৃদ্ধি পাই ৮৪,১২৮.৬৪ পইণ্টত ব্যৱসায় কৰে । ইফালে নেশ্যনেল ষ্টক এক্সচেঞ্জ (এন এছ ই)ৰ ১৮.৩৫ পইণ্ট বা ০.০৭১ শতাংশ বৃদ্ধি পাই ২৫,৮৩৭.৬০ পইন্টত ব্যৱসায় কৰিছে।

আজি বজাৰখনত খণ্ডগত ফ্ৰণ্টত মিশ্ৰিত ধাৰা দেখা গৈছে, শক্তিশালী ক্ৰয়ৰ ফলত আই টি ষ্টকসমূহে সৰ্বাধিক লাভৰ সাক্ষী হৈছে। ইফালে ধাতু, ৰিয়েলটি, ব্যক্তিগত বেংকিং, বিত্তীয় সেৱাৰ সূচকাংকও সামান্য লাভৰ সৈতে সেউজীয়া অৱস্থাত থাকিল।

চিমেণ্ট, তেল আৰু গেছ, মিডিয়া, অটো, আৰু এফএমচিজিৰ ষ্টকত বিক্ৰীৰ চাপ দেখা গৈছে, আনহাতে স্বাস্থ্যসেৱা আৰু ফাৰ্মা সূচকাংক মন্থৰ হৈ আছে। তদুপৰি আগতীয়া ব্যৱসায়ত আমেৰিকাৰ মুদ্ৰাৰ বিপৰীতে ৩০ পইচা হ্ৰাস পাই প্ৰতি ডলাৰত ৯২.৫০ টকাত ব্যৱসায় কৰে।

উল্লেখযোগ্য যে ইয়াৰ এদিন পূৰ্বে বুধবাৰে চেন্সেক্সৰ মূল্য ৮৩,৯৩৮.২৮ত বন্ধ হৈছিল, যিটো ১,৫০২.২৯ পইণ্ট বা ১.৮২ শতাংশ বৃদ্ধি পাইছিল। ইফালে নিফটিৰ মূল্য ১.৮৫ শতাংশ বা ৪৬৯.৬০ পইণ্ট বৃদ্ধিৰে ২৫,৮১৯.২৫ত বন্ধ হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande