
নতুন দিল্লী, ২৫ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় কেবিনেটে বিমান পৰিবহণ খণ্ডত ৰক্ষণাবেক্ষণ, মেৰামতি আৰু অভাৰহ’লৰ সুবিধাসমূহৰ উন্নয়নৰ বাবে ছিংগাপুৰৰ সৈতে বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে বিমান পৰিবহণ ৰক্ষণাবেক্ষণ, মেৰামতি, আৰু অভাৰহ’ল খণ্ডত দক্ষতা আৰু উদ্যোগ বিকাশৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু ছিংগাপুৰ গণৰাজ্যৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ কৰাত অনুমোদন জনায়। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত অনুষ্ঠিত এক সংবাদমেলত এই কেবিনেট সিদ্ধান্তৰ কথা ঘোষণা কৰে।
বৈষ্ণৱে উল্লেখ কৰে যে এই সিদ্ধান্তৰ মূল উদ্দেশ্য হৈছে ভাৰতক বিশ্বব্যাপী বিমান পৰিবহণৰ এম আৰ অ’ হাব হিচাপে প্ৰতিষ্ঠা কৰা আৰু বিদেশী ৰক্ষণাবেক্ষণ কেন্দ্ৰৰ ওপৰত ভাৰতীয় বিমান সংস্থাসমূহৰ নিৰ্ভৰশীলতা হ্ৰাস কৰা। এই বুজাবুজি চুক্তিয়ে ৰক্ষণাবেক্ষণ সম্পৰ্কীয় দক্ষতা বিকাশ শক্তিশালী কৰিব আৰু মেৰামতি আৰু অভাৰহ’লৰ সুবিধা বিকাশত সহায় কৰিব।
বুজাবুজি চুক্তিৰ মূল বিধানসমূহ:
উদ্যোগৰ প্ৰয়োজনীয়তা অনুসৰি বিমান ৰক্ষণাবেক্ষণ অভিযন্তা প্ৰশিক্ষণৰ বাবে পাঠ্যক্ৰম যৌথভাৱে প্ৰস্তুত কৰা।
গুণগত পাঠ্যক্ৰম নিশ্চিত কৰিবলৈ ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ বিশেষজ্ঞতা বৃদ্ধি আৰু সামৰ্থ্য বিকাশ কৰা। ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰিক উদ্যোগৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ ছিংগাপুৰৰ এম আৰ অ’ কোম্পানীসমূহৰ সৈতে ইন্টাৰশ্বিপ আৰু বিনিময় কাৰ্যসূচীৰ ব্যৱস্থা কৰা। এম আৰ অ’ৰ সুবিধাসমূহ সম্প্ৰসাৰণৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ ভাৰতীয় আৰু ছিংগাপুৰৰ উদ্যোগৰ অংশীদাৰসকলৰ মাজত অংশীদাৰিত্বৰ সুবিধা প্ৰদান কৰা।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া