চৰাইদেউ সাপেখাতী আৰক্ষীৰ ড্ৰাগছ সহ দুজন যুৱকক আটক
চৰাইদেউ সাপেখাতী আৰক্ষীৰ বৃহৎ সাফল্য
চৰাইদেউ সাপেখাতী আৰক্ষীৰ ড্ৰাগছ সহ দুজন যুৱকক আটক


চৰাইদেউ, ২১ নৱেম্বৰ (হি.স.): চৰাইদেউ সাপেখাতী আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্য়ৰ বিৰুদ্ধে লাভ কৰে বৃহৎ সাফল্য ৷ সাপেখাতী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি কালি সন্ধিয়া আটক কৰে ড্ৰাগছ সহ দুজন যুৱকক ৷

অসম অৰুণাচল সীমান্তৰ কানুবাৰীৰ পৰা আটক কৰে দুয়োকে ৷ আটকাধীন যুৱকদ্বয় ক্ৰমে সোণাৰিৰ ৰজাপুখুৰী ন কছাৰী গাঁৱৰ ৰিয়াজুল হুছেইন আৰু সোণাৰি বানফেৰাৰ কপিল সিং বুলি পৰিচয় পোৱা গৈছে ৷ যুৱকদ্বয়ৰ পৰা প্ৰায় ৯.৮৩ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । সম্প্ৰতি দুয়োজনকে সাপেখাতী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande