
কাঠমাণ্ডু, ২০ নৱেম্বৰ (হি.স.)। জালিয়াতিৰ গোচৰত অভিযুক্ত নেপাল চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব একনাৰায়ণ আৰ্যলক ভাৰতত গ্ৰেপ্তাৰ কৰা হৈছে। ৱাৰেণ্ট জাৰি হোৱাৰ ঠিক আগতেই ভাৰতলৈ পলায়ন কৰা আৰ্যলক গ্ৰেপ্তাৰ কৰা হৈছে।
নেপাল আৰক্ষীৰ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চি আই বি)ৰ এটা বিশেষ দলে ভাৰতীয় নিৰাপত্তা সংস্থাৰ সহযোগত আৰ্যলক আটক কৰে। আজি তেওঁক বিমানেৰে নেপাললৈ লৈ যোৱা বুলি জানিব পৰা গৈছে। চিআইবিৰ এজন বিষয়াই জনোৱা মতে, দিল্লীৰ পৰা উভতি অহাৰ লগে লগে সংবাদমেলত তেওঁক গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰা হ’ব।
মালয়েছিয়ালৈ যোৱা নেপালী শ্ৰমিকৰ সৈতে জড়িত এটা গোচৰত প্ৰায় ২ বিলিয়ন টকা আত্মসাৎ কৰাৰ অভিযোগৰ তদন্তৰ সময়ত তেতিয়াৰ মুখ্য সচিব আৰ্যলৰ জড়িততা প্ৰকাশ পোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ ভিত্তিত আদালতে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰে।
এই গোচৰত ইতিমধ্যে দুজন প্ৰাক্তন শ্ৰম মন্ত্ৰীকে ধৰি ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আদালতে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰাৰ লগে লগে বৃহস্পতিবাৰে আৰ্যলে দিল্লীলৈ উৰা মাৰিছিল। চিবিআইৰ মুৰব্বী এআইজি উমা চতুৰ্বেদীয়ে প্ৰাক্তন মুখ্য সচিবগৰাকীক গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰে যদিও ভাৰতৰ ক’ত গ্ৰেপ্তাৰ কৰা হৈছে সেই কথা ততাতৈয়াকৈ প্ৰকাশ কৰা নাই।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ