
কাঠমাণ্ডু, ২০ নৱেম্বৰ (হি.স.)। নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ অহা ২২-২৩ নৱেম্বৰত ভাৰতলৈ দুদিনীয়া ৰাজ্যিক ভ্ৰমণলৈ আহিব । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্ধুত্বপূৰ্ণ আমন্ত্ৰণত অনুষ্ঠিত এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু পাৰস্পৰিক সহযোগিতাৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব।
নেপাল চৰকাৰৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি অহা ২২ নৱেম্বৰত নেপাল এয়াৰলাইন্সৰ বিমানেৰে প্ৰধানমন্ত্ৰী শ্বাহে নতুন দিল্লী অভিমুখে ৰাওনা হ’ব। তেওঁৰ সৈতে বিত্তমন্ত্রী ড০ স্বর্নিম ৱাগলে, বৈদেশিক মন্ত্রী শিশীৰ খানাল, প্রধানমন্ত্রীৰ মুখ্য উপদেষ্টা কুমাৰ ব্যাঞ্জংকৰকে ধৰি নেপাল চৰকাৰৰ আন আন উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকিব ৷
ভাৰতত প্ৰধানমন্ত্ৰী শ্বাহে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰিব। ইয়াৰ উপৰিও ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। প্ৰধানমন্ত্ৰী মোদীয়েও তেওঁৰ সমকক্ষৰ সন্মানত আনুষ্ঠানিক দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব। ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ সৈতেও বৈঠকত মিলিত হ’ব।
বিবৃতিটোত কোৱা হৈছে যে নেপাল আৰু ভাৰতে দীৰ্ঘদিন ধৰি সভ্যতাৰ সম্পৰ্ক, সাংস্কৃতিক আত্মীয়তা, আৰু মানুহৰ মাজত গভীৰ যোগাযোগৰ ওপৰত ভিত্তি কৰি বন্ধুত্বপূৰ্ণ সম্পৰ্ক উপভোগ কৰি আহিছে। এই ভ্ৰমণে দুয়োখন দেশৰ মাজত ব্যাপক সহযোগিতামূলক অংশীদাৰিত্ব পৰ্যালোচনা কৰাৰ লগতে ভৱিষ্যতৰ প্ৰতি দৃষ্টি ৰাখি পাৰস্পৰিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ হ’ব। এই ভ্ৰমণৰ লক্ষ্য হৈছে দুয়োখন দেশৰ নাগৰিকৰ পাৰস্পৰিক সুবিধা সৰ্বাধিক কৰা। ২৩ নৱেম্বৰত ঘৰলৈ উভতি আহিব শ্বাহ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ