
কাঠমাণ্ডু, ২০ নৱেম্বৰ (হি.স.)। মালয়েছিয়ালৈ যোৱা নেপালী প্ৰব্ৰজিত শ্ৰমিকৰ বিৰুদ্ধে সংঘটিত হোৱা প্ৰৱঞ্চনাৰ সৈতে জড়িত নেপালৰ প্ৰাক্তন মুখ্য সচিব একনাৰায়ণ আৰ্যলৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হৈছে। নেপাল আৰক্ষীৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত কাঠমাণ্ডু জিলা আদালতে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰিছে। চিআইবিৰ মুৰব্বী তথা অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শক উমা চতুৰ্বেদীয়ে এই কথা নিশ্চিত কৰিছে।
বুধবাৰে চি আই বিয়ে এই গোচৰৰ সৈতে জড়িত দুজন প্ৰাক্তন মন্ত্ৰীকে ধৰি ছয়গৰাকী চৰকাৰী উচ্চপদস্থ বিষয়াক গ্ৰেপ্তাৰ কৰে। ইয়াৰ ভিতৰত প্ৰাক্তন শ্ৰম মন্ত্ৰী শ্বেৰ বাহাদুৰ কুঁৱৰ আৰু ৰামেশ্বৰ ৰায় যাদৱ, তদানীন্তন সম্পাদক বিনোদ কে চি, যুটীয়া সম্পাদক ৰাজীৱ পোখাৰেল আৰু উমেশ ধুংগানা, উপ-সচিব নিৰ্মলা গুৰুং। ইয়াৰ পূৰ্বেও একেটা গোচৰতে ব্যৱসায়ী কৈলাশ খাডকাসহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।
গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰাৰ এদিন পূৰ্বে বৃহস্পতিবাৰে পুৱা আৰিয়ালে দিল্লীলৈ উৰা মাৰিছিল বুলি জানিব পৰা গৈছে। এআইজি চতুৰ্বেদীয়ে উল্লেখ কৰে যে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰাৰ পূৰ্বে মন্ত্ৰালয়ৰ পৰা কিছুমান নথি-পত্ৰ বিচৰা হৈছিল। মন্ত্ৰালয়ৰ কোনোবাই হয়তো তেওঁক খবৰ দিছে। তেওঁ লগতে কয় যে এয়াৰপৰ্ট ইমিগ্ৰেচনে দিল্লীলৈ যোৱা বিমানত উঠি পলায়ন কৰা বুলি নিশ্চিত কৰিছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ