উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ ১৬ নৱেম্বৰত ওড়িশা ভ্ৰমণ
নতুন দিল্লী, ১৫ নৱেম্বৰ (হি.স.)। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সোমবাৰে ওড়িশা ভ্ৰমণ কৰিব । এই সময়ছোৱাত তেওঁ ভুৱনেশ্বৰত ওড়িশা বিধানসভাৰ সদস্যসকলৰ বাবে এক অভিমুখী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। লগতে কটকত শ্ৰীশ্ৰী বিশ্ববিদ্যালয়ৰ নতুন শৈক্ষিক ভৱন উদ্বো
उपराष्ट्रपति सीपी राधाकृष्णन (फाइल फोटो )


নতুন দিল্লী, ১৫ নৱেম্বৰ (হি.স.)। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সোমবাৰে ওড়িশা ভ্ৰমণ কৰিব । এই সময়ছোৱাত তেওঁ ভুৱনেশ্বৰত ওড়িশা বিধানসভাৰ সদস্যসকলৰ বাবে এক অভিমুখী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। লগতে কটকত শ্ৰীশ্ৰী বিশ্ববিদ্যালয়ৰ নতুন শৈক্ষিক ভৱন উদ্বোধন কৰিব।

উপ-ৰাষ্ট্ৰপতি সচিবালয়ৰ তথ্য অনুসৰি অহা ১৬ নৱেম্বৰত ওড়িশাত উপস্থিত হ’ব চি পি ৰাধাকৃষ্ণন। ভুৱনেশ্বৰত বিধানসভাৰ সদস্যসকলৰ বাবে অৰিয়েণ্টেচন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ কটকলৈ গৈ শ্ৰীশ্ৰী বিশ্ববিদ্যালয়ৰ আইকনিক টাৱাৰ (শৈক্ষিক ভৱন) উদ্বোধন কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande