
- বাণিজ্য, বিনিয়োগ, স্বাস্থ্য, সামৰ্থ্য বিকাশ আৰু সামুদ্ৰিক সুৰক্ষা অগ্ৰাধিকাৰ ক্ষেত্ৰ হিচাপে চিনাক্ত
নতুন দিল্লী, ১৫ নৱেম্বৰ (হি.স.)। ছোমালিয়াৰ ৰাজধানী মোগাদিছুত দেওবাৰে ভাৰত আৰু ছোমালিয়াৰ মাজত প্ৰথমখন বৈদেশিক কাৰ্যালয়ৰ আলোচনা অনুষ্ঠিত হয়। দুয়োখন দেশে ৰাজনৈতিক, নিৰাপত্তা, অৰ্থনৈতিক, আৰু আৰ্থ-সাংস্কৃতিক সম্পৰ্ক পৰ্যালোচনা কৰি দ্বিপাক্ষিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৈঠকৰ সহ-সভাপতিত্ব কৰিছিল ভাৰতৰ পশ্চিম এছিয়া আৰু উত্তৰ আফ্ৰিকা (ৱানা) বিভাগৰ যুটীয়া সচিব আৰু ছোমালিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ স্থায়ী সচিবগৰাকীয়ে।
বৈঠকত দুয়োপক্ষই বাণিজ্য আৰু বিনিয়োগ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, স্বাস্থ্য আৰু ঔষধ খণ্ড, সামৰ্থ্য বিকাশ, সন্ত্ৰাসবাদ বিৰোধী সহযোগিতা, আৰু সামুদ্ৰিক নিৰাপত্তাক অগ্ৰাধিকাৰ ক্ষেত্ৰ হিচাপে চিনাক্ত কৰে। ইয়াৰ উপৰিও আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ উমৈহতীয়া স্বাৰ্থৰ বিষয়সমূহৰ ওপৰতো দুয়োখন দেশৰ মাজত মত বিনিময় কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া