
জম্মু, ১৫ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ নেতা তথা মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ পৃষ্ঠপোষক ড০ ইন্দ্ৰেশ কুমাৰে আজি নতুন প্ৰজন্মৰ মাজত চহকী সাংস্কৃতিক মূল্যবোধৰ বীজ সিঁচাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জম্মু-কাশ্মীৰ হৈছে মহান ঋষি, সন্ত, চুফীসকলৰ দেশ যিয়ে গোটেই জীৱন আধ্যাত্মিকতা, মানৱতা, ভাতৃত্ববোধৰ প্ৰচাৰ কৰিছিল।
মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ দিনজোৰা আলোচনা চক্ৰত ভাষণ দি ড০ ইন্দ্ৰেশ কুমাৰে কয় যে আমাৰ শতিকা পুৰণি চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাটো আমাৰ সকলোৰে কৰ্তব্য যাতে আমি আমাৰ ভৱিষ্যত প্ৰজন্মক ড্ৰাগছ আৰু অন্যান্য অসামাজিক কাৰ্যকলাপৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰো। তেওঁ কয় যে ৩৭ বছৰীয়া অস্থিৰতাৰ সময়ছোৱাত জম্মু-কাশ্মীৰত অপৰিসীম ধ্বংসলীলা হৈছে, আৰু এই ধ্বংসলীলাৰ পৰা জনসাধাৰণে একো লাভ কৰা নাই। এতিয়া আমি সকলোৱে জম্মু-কাশ্মীৰ আৰু ইয়াৰ জনসাধাৰণৰ উন্নতিৰ বাবে একত্ৰিত হৈ এই কেন্দ্ৰীয় শাসিত অঞ্চলটোক ড্ৰাগছ আৰু সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰাৰ সামূহিক প্ৰতিশ্ৰুতি গ্ৰহণ কৰাৰ সময়।
তেওঁ কয় যে নৰেন্দ্ৰ মোডী চৰকাৰৰ কাৰ্যকালৰ যোৱা ১২ বছৰত জম্মু-কাশ্মীৰত এক প্ৰচণ্ড পৰিৱৰ্তন ঘটিছে। দশক দশক ধৰি বন্দুক সংস্কৃতিৰ ছাঁত বাস কৰাসকলে এতিয়া মুক্ত আৰু সুস্থ পৰিৱেশত জীৱন কটাবলগীয়া হৈছে। সন্ত্ৰাসবাদৰ সন্দৰ্ভত তেওঁ কয় যে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ মেৰুদণ্ড ভাঙি গৈছে আৰু ভৱিষ্যতে সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে নাইকিয়া হ’ব। কাশ্মীৰী সমাজে উপলব্ধি কৰিছে যে সন্ত্ৰাসবাদে একো লাভ নকৰে আৰু কেতিয়াও শান্তি, প্ৰগতি, সমৃদ্ধি আনিব নোৱাৰে।
তেওঁ আৰু কয় যে জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চল এতিয়া দ্ৰুতগতিত আগবাঢ়িছে, আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰসাৰ ঘটিছে, আৰু পৰ্যটন উদ্যোগো পুনৰ শুদ্ধ পথত আগবাঢ়িছে। ডাঃ কুমাৰে জম্মু-কাশ্মীৰক ড্ৰাগছমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ ৰাইজক আহ্বান জনায়, কিয়নো এয়াই শিশুৰ উজ্জ্বল ভৱিষ্যতৰ নিশ্চয়তা। লগতে বহু সুন্দৰ প্ৰাকৃতিক স্থান থকা পুঞ্চ আৰু ৰাজৌৰীৰ দৰে সীমান্তৱৰ্তী জিলাসমূহত পৰ্যটনক প্ৰসাৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
এই উপলক্ষে উপস্থিত থাকে ভাৰত চৰকাৰৰ এম আৰ এমৰ ৰাষ্ট্ৰীয় আহ্বায়ক আৰু সংখ্যালঘু শিক্ষানুষ্ঠানৰ ৰাষ্ট্ৰীয় আয়োগৰ সদস্য অধ্যাপক শ্বাহিদ আখতাৰ; এম আৰ এমৰ ৰাষ্ট্ৰীয় আহ্বায়ক আৰু ৰাজস্থানৰ ৱাকফ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ চৈয়দ আবুবাকাৰ নাকভি; নাজিৰ আহমেদ, আঞ্চলিক আহ্বায়ক, এম আৰ এম, জম্মু আৰু কাশ্মীৰ আৰু লাডাখ; ড° ৰমেশ খাজুৰিয়া, আঞ্চলিক আহ্বায়ক (সংগঠন), এম আৰ এম, জম্মু আৰু কাশ্মীৰ আৰু লাডাখ; মনজুৰ ভদনা; এম আৰ এমৰ সম্পাদক (সংবাদ মাধ্যম) আৰু সহ আহ্বায়ক শ্বাহিদ শৌকত; আব্দুল কায়ুম মিৰ, প্ৰশাসক, ৱাকফ ব’ৰ্ড, ৰাজৌৰী; আইজাজ উল হক, আহ্বায়ক, এম আৰ এম, জম্মু আৰু কাশ্মীৰ প্ৰদেশ; আৰ্ছাদ নৱাজ খান, সহ আহ্বায়ক, এম আৰ এম, জম্মু আৰু কাশ্মীৰ প্ৰদেশ; হামিদ বজাৰ, জিলা আহ্বায়ক, পুঞ্চ; আৰু ডেনিছ, জিলা আহ্বায়ক, ডোডা।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া