আমেৰিকাত ৪ ঘণ্টাৰ পিছত বিমান উৰণ নিষেধাজ্ঞা প্ৰত্যাহাৰ, ৮ হাজাৰ বিমান বাতিল
ৱাশ্বিংটন, ১৪ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ বিমান পৰিবহণ নিয়ন্ত্ৰণ যোগাযোগ ব্যৱস্থাৰ কাৰিকৰী বিজুতিৰ ফলত শুকুৰবাৰে সমগ্ৰ দেশতে প্ৰায় চাৰি ঘণ্টা ধৰি বিমান সেৱা বন্ধ কৰা হয়। নিৰাপত্তাজনিত কাৰণত সমগ্ৰ দেশৰ বিমানবন্দৰসমূহত বিমান সেৱা গ্ৰাউণ্ডিং কৰাৰ নিৰ
अमेरिका में उड़ानों पर लगी रोक चार घंटे बाद हटाई गई


ৱাশ্বিংটন, ১৪ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ বিমান পৰিবহণ নিয়ন্ত্ৰণ যোগাযোগ ব্যৱস্থাৰ কাৰিকৰী বিজুতিৰ ফলত শুকুৰবাৰে সমগ্ৰ দেশতে প্ৰায় চাৰি ঘণ্টা ধৰি বিমান সেৱা বন্ধ কৰা হয়। নিৰাপত্তাজনিত কাৰণত সমগ্ৰ দেশৰ বিমানবন্দৰসমূহত বিমান সেৱা গ্ৰাউণ্ডিং কৰাৰ নিৰ্দেশ দিছিল ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে। অৱশ্যে চাৰি ঘণ্টাৰ পিছত উৰণৰ নিষেধাজ্ঞা উঠাই লোৱা হয়।

এই এফ এ এৰ আদেশৰ সময়ত ৮ হাজাৰতকৈ অধিক বিমান বাতিল কৰা হয়, যাৰ ফলত প্ৰায় ১৫ লাখ যাত্ৰী ক্ষতিগ্ৰস্ত হয়। স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ লগে লগে শনিবাৰেও যথেষ্ট সংখ্যক বিমান বাতিল কৰা হয়।

ট্ৰাম্প প্ৰশাসনৰ বিষয়াসকলে দাবী কৰিছে যে এতিয়াও চাইবাৰ আক্ৰমণৰ কোনো লক্ষণ দেখা পোৱা নাই আৰু পৰিস্থিতি ৯/১১ৰ দৰে নহয় । আমেৰিকাৰ গৃহ নিৰাপত্তা সচিব মাৰ্কৱেইন মুলিনে কয় যে সমগ্ৰ দেশৰ বিমানবন্দৰসমূহত গ্ৰাউণ্ডিঙৰ আঁৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কোনো ভাবুকিৰ কোনো ইংগিত পোৱা নাই, আৰু ই টেলিকমিউনিকেচনত ব্যাঘাত জন্মাইছে। তেওঁ যাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালক সম্পূৰ্ণ নিৰাপত্তাৰ আশ্বাস দিয়ে।

মন কৰিবলগীয়া যে ২০০১ চনৰ ১১ ছেপ্টেম্বৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এইবাৰ দ্বিতীয়বাৰৰ বাবে সমগ্ৰ দেশতে একেলগে আৰু ব্যাপকভাৱে বিমান সেৱাত ব্যাঘাত জন্মিছে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande