ৰাজীৱ ভৱনত আধুনিক ভাৰতৰ নিৰ্মাতা পণ্ডিত জৱাহৰলাল নেহৰুক শ্ৰদ্ধাঞ্জলি
গুৱাহাটী, ১৪ নৱেম্বৰ(হি.স.)। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী তথা আধুনিক ভাৰতৰ নিৰ্মাতা পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মবাৰ্ষিকী উপলক্ষে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটী স্থিত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কা
ৰাজীৱ ভৱনত পণ্ডিত জৱাহৰলাল নেহৰুক শ্ৰদ্ধাঞ্জলি


গুৱাহাটী, ১৪ নৱেম্বৰ(হি.স.)। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী তথা আধুনিক ভাৰতৰ নিৰ্মাতা পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মবাৰ্ষিকী উপলক্ষে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটী স্থিত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এই অনুষ্ঠানটো অনুষ্ঠিত হয়।

আজিৰ এই অনুষ্ঠানত প্ৰাক্তন সাংসদ বলীন কুলী, প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী আবু চালেহ নাজমুদ্দিন, প্ৰদেশ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক বিপুল গগৈ আৰু কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাস উপস্থিত থাকি পণ্ডিত নেহৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ লগতে মহিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ বিভিন্ন নেতা-কৰ্মী তথা দলীয় কৰ্মী সকলেও অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande