
২২ নৱেম্বৰত গুৱাহাটীৰ আৰ্টিষ্ট গীল্ডত প্ৰদান কৰিব এই বঁটা
শোণিতপুৰ, ১৪ নৱেম্বৰ
(হি.স.)। চিত্ৰকলা ক্ষেত্ৰখনত নিৰলস সাধনা অব্যাহত ৰখা তেজপুৰৰ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰশিল্পী ৰাতুমণি দাসলৈ আগবঢ়োৱা হৈছে গুৱাহাটীৰ শিল্পী ঋষি কপিল খাউণ্ড সোঁৱৰণী বঁটা ২০২৬। উল্লেখ্য যে ২০১৪ চনৰ পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ শিল্পীক এই বঁটা প্ৰদান কৰি অহাৰ পিছত এইবাৰ ঋষি কপিল খাউণ্ড ন্যাসে তেজপুৰৰ এইগৰাকী ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যুৱ চিত্ৰশিল্পীক অহা ২২ নৱেম্বৰৰ বিয়লি ৪-৩০ বজাৰ পৰা গুৱাহাটীৰ আৰ্টিষ্ট গীল্ডত অনুষ্ঠিত হ'ব লগা এক বিশেষ অনুষ্ঠানত এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰিব ।
ঋষি কপিল খাউণ্ড সোঁৱৰণী ন্যাসৰ সভাপতি অৰ্পণা খাউণ্ড, উপ সভাপতি ডা০ হিতেশ বৰুৱা আৰু সম্পাদক কিশোৰ কুমাৰ দাসৰ উপস্থিতিত কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি তেজপুৰৰ জনপ্ৰিয় চিত্ৰশিল্পী গৰাকীক এই বঁটা প্ৰদান কৰিব । উল্লেখ্য যে ইতিমধ্যে ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত নিজৰ চিত্ৰৰে চিত্ৰকলা প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন প্ৰান্তৰ চিত্ৰকলাৰ কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰা আৰু বিভিন্ন বঁটা বাহনৰ উপৰি যোৱা ২৯ অক্টোবৰত হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা লাভ কৰিছিল ৰাতুমণি দাসে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ