
গুৱাহাটী, ১৪ নৱেম্বৰ (হি.স.)। সেৱা ভাৰতী পূৰ্বাঞ্চল, নেশ্যনেল মেডিকোজ অৰ্গেনাইজেচন (এনএমঅ’) আৰু আয়ুৰ্বেদিক মেডিকেল অৰ্গেনাইজেচন (এএমঅ’)-ৰ যৌথ উদ্যোগত আয়োজিত দেশৰ অন্যতম বৃহৎ স্বাস্থ্যসেৱা কাৰ্যসূচী ‘২৪সংখ্যক ধন্বন্তৰী সেৱা যাত্ৰা-২০২৭’ৰ প্ৰস্তুতি আৰম্ভ হৈছে। এই কাৰ্যসূচী সুকলমে আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে ইতিমধ্যে এখন শক্তিশালী আদৰণি সমিতি গঠন কৰা হৈছে ।
আজি শনিবাৰে গুৱাহাটীৰ বৰবাৰীৰ সুদৰ্শনালয়ৰ ‘নৱকান্ত বৰুৱা প্ৰেক্ষাগৃহ’ত অনুষ্ঠিত সভাত ভূপিন্দৰপাল সিঙক সভাপতি, ডা° স্থাপনা শৰ্মাক উপ-সভাপতি, ডা° চিৰঞ্জীৱক সম্পাদক, জয়ন্ত মহন্ত আৰু ডা° বিবেক শৰ্মাক সহঃসম্পাদক, সন্দীপ মাহেশ্বৰীক কোষাধ্যক্ষ আৰু সমীপ কুমাৰ দাসক স্মৰণিকা সম্পাদক হিচাপে মনোনীত কৰা হয়। ইয়াৰ উপৰি ডা° কিশোৰ ঘোষ, দিলীপ দাস আৰু কাশ্যপ দাসক ঔষধ আৰু অন্যান্য বিভাগৰ দায়িত্ব, নিৰঞ্জন বিশ্বাসক খাদ্য বিভাগৰ দায়িত্ব, পবিত্ৰ ৰাজবংশীক আৱাসন বিভাগৰ দায়িত্ব, ডা° মমতা দেৱীক অতিথি আৱাসনৰ দায়িত্ব আৰু সঞ্জীৱ বৰ্মন তথা অৰূপজ্যোতি দাসক পৰিবহণ ব্যৱস্থাপনাৰ দায়িত্ব অৰ্পণ কৰা হয়। এইদৰে প্ৰায় ৫০গৰাকী সদস্যৰে আদৰণি সমিতিখন গঠন কৰা হৈছে।
ইয়াৰ উপৰি ‘২৪সংখ্যক ধন্বন্তৰী সেৱা যাত্ৰা-২০২৭’ৰ আদৰণি সমিতিৰ উপদেষ্টা হিচাপে আছে ক্ৰমে ডা° ভাস্কৰ বৰগোহাঁই, অনুপম শৰ্মা, ডা° দীপংকৰ শৰ্মা, ডা° ব্ৰজেন লহকৰ, নীলাক্ষী ডেকা আৰু ডা° সন্দীপ তাপাৰিয়া। আনহাতে, পৃষ্ঠপোষক হিচাপে আছে ক্ৰমে ডা° দীপেশ ভাগৱতী, মুনীন্দ্ৰ ডেকা, নিৰঞ্জন কলিতা, সৰ্বেশ্বৰ ডেকা আৰু থাওমুংগ্লুং চুক্ৰিংফু।
সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সম্পাদক ৰিজু দত্তৰ সঞ্চালনাত অনুষ্ঠিত আদৰণি সমিতি গঠন আৰু আলোচনা সভাত ‘ধন্বন্তৰী সেৱা যাত্ৰা’ৰ উদ্দেশ্য আৰু সাফল্যৰ বিষয়ে বিস্তৃত তথ্য দাঙি ধৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহ-ক্ষেত্ৰ সেৱা প্ৰমুখ তথা সেৱা ভাৰতীৰ পালক সুৰেন্দ্ৰ তেলখেদকৰে। তেওঁ কয় যে যোৱা ২৩ বছৰ ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ দুৰ্গম অঞ্চলৰ দৰিদ্ৰ আৰু আৰ্থিকভাৱে পিছপৰা লোকসকলৰ মাজলৈ কেৱল চিকিৎসা সেৱাই নহয়, স্বাস্থ্য আৰু দৈনন্দিন জীৱনশৈলীৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে সামাজিক সমৰসতা গঢ়ি তোলাৰ এক উল্লেখযোগ্য প্ৰয়াস হিচাপে ‘ধন্বন্তৰী সেৱা যাত্ৰা’ আগবাঢ়িছে। নিঃস্বাৰ্থ সেৱাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এই কাৰ্যসূচীৰ জৰিয়তে মানুহৰ ওচৰলৈ নিষ্ঠাপূৰ্ণ স্বাস্থ্যসেৱা আগবঢ়োৱা হৈছে।
২০০৫ চনত মাত্ৰ নজন চিকিৎসকৰ অংশগ্ৰহণেৰে আৰম্ভ হৈছিল ‘ধন্বন্তৰী সেৱা যাত্ৰা’। তাৰ পিছৰে পৰা প্ৰতি বছৰে এই কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে। পৰিসংখ্যা দাঙি ধৰি তেওঁ কয় যে বৰ্তমান দেশ-বিদেশৰ পৰা শতাধিক চিকিৎসক, বিশেষজ্ঞ চিকিৎসক আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে অতি উৎসাহেৰে এই সেৱা যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহে। এইবাৰ বিদেশৰ পৰা কমেও ১২গৰাকী বিশেষজ্ঞ চিকিৎসকে ‘ধন্বন্তৰী সেৱা যাত্ৰা’ত অংশগ্ৰহণৰ বাবে ইতিমধ্যে আগ্ৰহ প্ৰকাশ কৰিছে বুলি সুৰেন্দ্ৰ তেলখেদকৰে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে দেশৰ বিভিন্ন ৰাজ্য তথা বিদেশৰ চিকিৎসকৰ উপৰি শেহতীয়া বছৰবোৰত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ বহু চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে।
তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ যিবোৰ দুৰ্গম অঞ্চললৈ তেওঁলোকে যায়, তাত কোনো আধুনিক সা-সুবিধা উপলব্ধ নহয়। স্থানীয় দৰিদ্ৰ লোকসকলৰ ঘৰতেই তেওঁলোকৰ থকা আৰু খোৱাৰ ব্যৱস্থা কৰা হয়। সেই অঞ্চলৰ মানুহৰ খাদ্যাভ্যাস অনুসৰিয়েই তেওঁলোকে খাদ্য গ্ৰহণ কৰে। স্থানীয় লোকসকলৰ আন্তৰিক আতিথ্য তেওঁলোকে হৃদয়েৰে গ্ৰহণ কৰে। কিন্তু উভতি অহাৰ সময়ত মনত এক আবেগিক অনুভূতি লৈ নিজৰ ঘৰলৈ যাত্ৰা কৰে। বিদায়ৰ সময়ত তেওঁলোকে কৈ যায় - ‘অহা বছৰ আকৌ আহিম।’ ‘ধন্বন্তৰী সেৱা যাত্ৰা’ৰ জৰিয়তে এনেদৰেই গঢ় লৈ উঠিছে সামাজিক সমৰসতা আৰু একাত্মবোধ।
আদৰণি সমিতি গঠন সভাত প্ৰাসংগিক বক্তব্য আগবঢ়ায় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ্বভাৰতীয় কাৰ্যকাৰিণী সমিতিৰ সদস্য উলহাস কুলকাৰ্ণী, ক্ষেত্ৰ সেৱা প্ৰমুখ ৰাজেশ দেশকৰ, এনএমঅ’ৰ অখিল ভাৰতীয় যুটীয়া সম্পাদক ডা° ৰক্তিম প্ৰতীম তামুলী, এনএমঅ’ অসমৰ যুটীয়া সম্পাদক ডা° মমতা দেৱী আৰু এএমঅ’ৰ বিষয়ববীয়া ডা° দীপ্তিৰেখা শৰ্মাই।
আনহাতে, ‘২৪সংখ্যক ধন্বন্তৰী সেৱা যাত্ৰা’ সুকলমে আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো প্ৰকাৰে চেষ্টা চলোৱা হ’ব বুলি উল্লেখ কৰি আদৰণি সমিতিৰ সভাপতি ভূপিন্দৰপাল সিঙে সংশ্লিষ্ট সকলোৰে সহযোগিতা কামনা কৰে। সভামঞ্চত উপস্থিত থাকে ৰাষ্ট্ৰীয় সেৱা ভাৰতীৰ উপ-সভাপতি তথা ট্ৰাষ্টী ৰমেন শৰ্মা আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সভাপতি ডা° নিৰ্মল বেৰিয়া ।
---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ