
-মালবাহী সামগ্ৰীৰ অধিক পৰিমাণৰ পৰিবহণে খাদ্য-সামগ্ৰীৰ যোগান ব্যৱস্থা শক্তিশালী কৰাৰ লগতে আঞ্চলিক বাণিজ্য আৰু উদ্যোগ খণ্ডকো সহায়
গুৱাহাটী, ১৪ নৱেম্বৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে'লৱেই (এনএফআৰ) চলিত বৰ্ষৰ অক্টোবৰ মাহত মালবাহী সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য প্ৰদৰ্শন দাঙি ধৰি মুঠ ১.০৬৪ নিযুত টন (এমটি) মালবস্তু লোডিং কৰিছে । বিগত বৰ্ষৰ অক্টোবৰ মাহত লোডিং কৰা ০.৮৩৩ নিযুত টনৰ তুলনাত এই পৰিমাণ ২৭.৭ শতাংশ অধিক।আনহাতে, ২০২৬ চনৰ এপ্ৰিলৰ পৰা অক্টোবৰ মাহলৈকে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুঠ মালবাহী সামগ্ৰীৰ লোডিং ৭.২৯০ নিযুত টনত উপনীত হৈছে । পূৰ্বৱৰ্তী বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত লোডিং কৰা ৬.৩৯০ নিযুত টনৰ তুলনাত এই পৰিমাণ ১৪.১ শতাংশ বৃদ্ধি পাইছে ।
এন এফ আৰৰ চি পি আৰ অ’ কপিঞ্জল কিশোৰ শৰ্মাই আজি কয় যে অক্টোবৰ মাহত কেইবাবিধো গুৰুত্বপূৰ্ণ সামগ্ৰীৰ লোডিঙে এই বৃদ্ধিত উল্লেখযোগ্য অৰিহণা যোগায় । কয়লা লোডিঙৰ পৰিমাণ ১৬০% বৃদ্ধি পাই ০.০১৩ নিযুত টন হৈছে, আনহাতে ড'ল'মাইট লোডিঙৰ পৰিমাণ ৬১.৩% বৃদ্ধি পাই ০.২৫৮ নিযুত টন হৈছে । খাদ্যশস্যৰ লোডিং ৩৫০ শতাংশ বৃদ্ধি পাই ০.০৫৪ নিযুত টনত উপনীত হয়। একেদৰে, ফল-মূল, শাক-পাচলি আৰু কাঠকে ধৰি বিবিধ সামগ্ৰীৰ লোডিং ২২১.১ শতাংশ বৃদ্ধি পাই ০.০৬১ নিযুত টনত উপনীত হয়। ইয়াৰ উপৰি, সাৰ আৰু চিমেণ্টৰ লোডিঙত ক্ৰমে ১২০ শতাংশ আৰু ৪০ শতাংশ বৃদ্ধি পৰিলক্ষিত হয়, যিয়ে অঞ্চলটোৰ কৃষি আৰু নিৰ্মাণ খণ্ডৰ কাৰ্যকলাপক সহায় কৰিছে ।
২০২৬ চনৰ এপ্ৰিলৰ পৰা অক্টোবৰ মাহলৈকে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সামগ্ৰিক মালবাহী সামগ্ৰী লোডিঙৰ প্ৰদৰ্শনতো এই ইতিবাচক বৃদ্ধিৰ ধাৰা পৰিলক্ষিত হয় । এই সময়ছোৱাত চিমেণ্টৰ লোডিং ১৪৮.১ শতাংশ বৃদ্ধি পাই ০.৯০৩ নিযুত টনত উপনীত হয় । একেদৰে, ড'লমাইটৰ লোডিং ৪০ শতাংশ বৃদ্ধি পাই ১.৬৮৭ নিযুত টনত উপনীত হয় । বিবিধ সামগ্ৰীৰ লোডিঙতো ১০৬ শতাংশ বৃদ্ধি পৰিলক্ষিত হয় আৰু ই ০.২৭৪ নিযুত টনত উপনীত হয় । ইয়াৰ উপৰি, বিগত বৰ্ষৰ একে সময়ছোৱাৰ তুলনাত কয়লা আৰু কণ্টেইনাৰৰ লোডিঙতো ক্ৰমে ১৬.৫ শতাংশ আৰু ১০.৩ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰা হয় ।
নেট টন-কিলোমিটাৰৰ হিচাপত পৰিমাপ কৰা মালবাহী ৰে'লৰ পৰিবহণ কাৰ্যকলাপতো অক্টোবৰ ২০২৬ত উল্লেখযোগ্য বৃদ্ধি পৰিলক্ষিত হয় । এই সময়ছোৱাত নেট টন-কিলোমিটাৰৰ পৰিমাণ ৪৭.৭ শতাংশ বৃদ্ধি পাই পূৰ্বৱৰ্তী বৰ্ষৰ একে মাহৰ ৫১১ নিযুতৰ তুলনাত প্ৰায় ৭৫৪ নিযুতত উপনীত হয় । এই পৰিমাপে পৰিবহণ কৰা সামগ্ৰীৰ পৰিমাণৰ লগতে অতিক্ৰম কৰা দূৰত্বকো প্ৰতিফলিত কৰে ।
উত্তৰ-পূব সীমান্ত ৰে'লৱেই পণ্য প্ৰেৰণকাৰীসকলৰ প্ৰয়োজনীয়তা পূৰণৰ লক্ষ্যৰে নিৰ্ভৰযোগ্য মালবাহী পৰিবহণ সেৱা আগবঢ়োৱাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে । খাদ্যশস্য, কৃষিজাত সামগ্ৰী আৰু ঔদ্যোগিক সামগ্ৰীৰ পৰিবহণৰ জৰিয়তে ৰে'লৱেই কৃষক আৰু ব্যৱসায়ীসকলক বৃহত্তৰ বজাৰৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰাৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু ইয়াৰ বাহিৰৰ অঞ্চলসমূহৰ অৰ্থনৈতিক কাৰ্যকলাপকো ত্বৰান্বিত কৰি তুলিছে ।
---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ