
শোণিতপুৰ, ১৪ নৱেম্বৰ (হি.স.)। উত্তৰ পূৱ ভাৰতৰ স্বাস্থ্য বৃত্তিত জড়িত সকলৰ বাবে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত মানসিক স্বাস্থ্য সেৱাত সামৰ্থ্য বিকাশ (Capacity Building in Comprehensive Mental Health Services)ৰ ওপৰত আঞ্চলিক পৰ্যায়ৰ এক কৰ্মশালা অনুষ্ঠিত হৈছে । প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্য ক্ৰমে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰৰ, ত্ৰিপুৰা, মেঘালয়, মিজোৰাম আৰু ছিকিমৰ স্বাস্থ্যখণ্ডৰ লগত প্ৰত্যক্ষভাৱে জড়িত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ বাবে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰা হৈছে এই দুদিনীয়া কৰ্মশালা।
বাঙ্গালোৰৰ মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞানৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান (NATIONAL INSTITUTE OF OF MENTAL HEALTH & NEURO SCIENCE)ৰ স্নায়ু ৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ পি এছ মথুৰানাথ, অধ্যাপক ডাঃ ডি এছ গাদীগঙ্কাৰ , নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ অধ্যাপক ডাঃ ৰাজেশ সাগৰ প্ৰমুখ্যে দেশৰ স্বনামধন্য চিকিৎসক সকলে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰীক মানসিক স্বাস্থ্য সেৱাৰ পেছাদাৰী সকলৰ সামৰ্থ বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ ৭০০ৰো অধিক চিকিৎসক আৰু সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰা দুদিনীয়া কৰ্মশালা আজি পুৱা তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই এগছি বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ১৮৭৬ চনত পগলা ফাটেক হিচাপে স্থাপিত আৰু ১৫০বছৰীয়া ইতিহাসৰে সমৃদ্ধ অসম চৰকাৰ, উত্তৰ পূব পৰিষদ আৰু বৰ্তমান ভাৰত চৰকাৰৰ অধীনস্থ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠান লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখনক ভাৰত চৰকাৰে আঞ্চলিক এপেক্স কেন্দ্ৰ (REGIONAL APEX CENTRE) লৈ উন্নীত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ জ্যোতি হাজৰিকাই আদৰণি ভাষণ দিয়া উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, স্বাস্থ্য শিক্ষা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে মুখ্য অতিথি আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব প্ৰভাকৰে বিশিষ্ট অতিথি হিচাপে ভাৰ্ছুৱেলী অংশ গ্ৰহণ কৰে ।
ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ মানসিক ৰোগৰ স্বাস্থ্য প্ৰতিষ্ঠান তথা ১৫০বছৰীয়া ইতিহাসৰে সমৃদ্ধ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখনক আঞ্চলিক এপেক্স কেন্দ্ৰলৈ উন্নীত কৰাৰ বাবে ২০২৬-২৭ৰ কেন্দ্ৰীয় বাজেটত অন্তৰ্ভুক্ত কৰিছিল।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ