কাজিৰঙাত সংঘটিত পথ দূৰ্ঘটনাত নিহত সকলৰ প্ৰতি শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ
গুৱাহাটী, ১৩ নৱেম্বৰ (হি.স.)। কাজিৰঙাত সংঘটিত পথ দূৰ্ঘটনাত নিহত সকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়,– কাজিৰঙাত সংঘটিত অত্যন্ত দুর্ভাগ্যজনক গাড়ী দুৰ্ঘটনাৰ খবৰটিত ব্যথিত হৈছোঁ। এই খবৰে আমাক সকলোকে জোকাৰ
কাজিৰঙাত সংঘটিত পথ দূৰ্ঘটনাত নিহত সকলৰ প্ৰতি শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ


গুৱাহাটী, ১৩ নৱেম্বৰ (হি.স.)। কাজিৰঙাত সংঘটিত পথ দূৰ্ঘটনাত নিহত সকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়,– কাজিৰঙাত সংঘটিত অত্যন্ত দুর্ভাগ্যজনক গাড়ী দুৰ্ঘটনাৰ খবৰটিত ব্যথিত হৈছোঁ। এই খবৰে আমাক সকলোকে জোকাৰি গৈছে। মৰ্মান্তিক দূৰ্ঘটনাটোত মৃত্যুক আকোৱালি লোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এই অপূৰণীয় ক্ষতিৰ বেদনা কোনো শব্দৰে লাঘৱ কৰিব নোৱাৰি। কিন্তু এই শোকৰ মুহূৰ্তত তেওঁলোকক আশ্বাস দিব বিচাৰিছোঁ যে আপোনালোক অকলশৰীয়া নহয়। সমগ্ৰ অসম এই সময়ত আপোনালোকৰ কাষত আছে।

দুর্ঘটনাটোত আহত সকলক প্রয়োজনীয় সকলো প্রকাৰৰ চিকিৎসা ব্যৱস্থা জৰুৰীকালীন ক্ষিপ্রতাৰে আগবঢ়াবলৈ ইতিমধ্যে নির্দেশনা প্রদান কৰা হৈছে। এই সময়ত আমাৰ সর্বোচ্চ অগ্ৰাধিকাৰ হৈছে দুৰ্ঘটনাত আহতসকলক বিন্দুমাত্ৰ পলম নকৰাকৈ সৰ্বোত্তম চিকিৎসা সেৱা প্ৰদান নিশ্চিত কৰা ।

সতীর্থ মন্ত্ৰী শ্ৰীঅতুল বৰা ঘটনাস্থলীত উপস্থিত থাকি উদ্ধাৰ আৰু সাহায্য ব্যৱস্থাৰ তদাৰক কৰি আছে । আহতসকলৰ আশু আৰোগ্য কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালসমূহক এই সংবেদনশীল সময়ত অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি প্ৰদান কৰিবলৈ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande