
গুৱাহাটী, ১৩ নৱেম্বৰ, (হি.স.)। গুৱাহাটীৰ উপকন্ঠ ডিগাৰু ৰে’ল ষ্টেচনত ৰে’ল নং ১৩১২৫ কলকাতা–ছাইৰাং এক্সপ্ৰেছ ৰে’লখন লাইনচ্যুত হোৱাৰ পিছত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তাৎক্ষণিক পদক্ষেপৰ পৰিণামস্বৰূপে যাত্ৰী সকলক সময়মতে উদ্ধাৰ কৰি সুৰক্ষিতভাৱে পৰৱৰ্তী গন্তব্যস্থানলৈ প্ৰেৰণ কৰাটো নিশ্চিত কৰা হয়।
দ্ৰুত সঁহাৰি আৰু ফলপ্ৰসূ সমন্বয়ৰ নিদৰ্শন দাঙি ধৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেই ক্ষতিগ্ৰস্ত ৰে’ল খনৰ সকলো যাত্ৰীক তেওঁলোকৰ পৰৱৰ্তী গন্তব্যস্থানলৈ নিয়াৰ বাবে এখন সাহায্যকাৰী বিশেষ ৰে’লৰ ব্যৱস্থা কৰে। দুৰ্ঘটনাৰ মাত্ৰ চাৰি ঘণ্টাৰ ভিতৰতে আৱদ্ধ সকলো ৰেল যাত্ৰীক স্থানান্তৰ কৰি ১১:৩০ বজাত ডিগাৰুৰ পৰা ছাইৰাং অভিমুখে এই সাহায্যকাৰী বিশেষ ৰে’লখনে প্ৰস্থান কৰে।
দুৰ্ঘটনা স্থলীত যাত্ৰীসকলৰ তাৎক্ষণিক প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰায় ১,২০০ বটল খোৱাপানীৰ লগতে চাহ আৰু বিস্কুটৰ ব্যৱস্থা কৰা হয়। ক্ষতিগ্ৰস্ত যাত্ৰী সকলৰ মাজত বিতৰণৰ বাবে প্ৰায় ১,২০০টা ব্ৰেকফাষ্টৰ পেকেটৰো ব্যৱস্থা কৰা হয়। ইয়াৰ উপৰি দুৰ্ঘটনা স্থলীত প্ৰায় ১,৮০০টা দুপৰীয়াৰ আহাৰৰ পেকেট আৰু খোৱাপানীৰ পেকেট আইআৰচিটিচিৰ জৰিয়তে যোগান ধৰাৰ ব্যৱস্থা কৰা হয়।
সাহায্যকাৰী বিশেষ ৰে’লখনৰ যাত্ৰীসকলকো খোৱাপানী, ব্ৰেকফাষ্ট, দুপৰীয়াৰ আহাৰ আৰু নিশাৰ আহাৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰি কামাখ্যা ৰে’লৱে ষ্টেচনত ৰে’ল নং ১৪৬২০-ৰ আৱদ্ধ হৈ থকা যাত্ৰীসকলৰ মাজতো খাদ্য আৰু খোৱাপানী বিতৰণ কৰা হয়।
যাত্ৰীসকলক ব্যাপক সাহায্য প্ৰদান নিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ পাঁচটা মণ্ডলতে হেল্পলাইন নম্বৰ সক্ৰিয় কৰা হয় লগতে সাহায্যকাৰী বিশেষ ৰে’লখনত অহা যাত্ৰীসকলৰ বাবে লামডিং ষ্টেচনত এক বিশেষ চিকিৎসা সাহায্য কেন্দ্ৰ স্থাপন কৰা হয়। ৰে’লৱেৰ বিষয়াবৰ্গ আৰু কৰ্মচাৰীসকলে এই সেৱাসমূহৰ সমন্বয় সাধনেৰে সাহায্য অভিযানৰ বিভিন্ন পৰ্যায়ত যাত্ৰীসকলৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে সক্ৰিয়ভাৱে সেৱা আগবঢ়ায়।
ক্ষতিগ্ৰস্ত ৰে’লখনৰ যাত্ৰীসকলে সময়মতে সাহায্য আৰু প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত ৰে’লৱে কৰ্তৃপক্ষই গ্ৰহণ কৰা সক্ৰিয় পদক্ষেপৰ শলাগ লয়। ৰে’ল নং ১৩১২৫-ৰ যাত্ৰীসকলৰ পৰা লাভ কৰা ইতিবাচক সঁহাৰিয়ে এনে প্ৰত্যাহ্বানমূলক পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ দিশত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সমন্বিত আৰু তাৎক্ষণিক পদক্ষেপৰ গুৰুত্বকে প্ৰতিফলিত কৰিছে।
উল্লেখযোগ্য যে ১১ নৱেম্বৰ, ২০২৬ তাৰিখৰ পুৱা প্ৰায় ০৬:৫৪ বজাত আন এখন ৰে’লক আগতেই প্ৰস্থান কৰাৰ বাবে সুবিধা দিবলৈ যাওতে ৰে’ল নং ১৩১২৫ কলকাতা–ছাইৰাং এক্সপ্ৰেছ ৰে’লখনে লুপ লাইনত প্ৰৱেশ কৰাৰ সময়তে এই দূৰ্ঘটনা সংঘটিত হয়।
ইয়াৰ ফলত ৰে’লখনৰ ইঞ্জিন আৰু পাঁচটা ডবা লাইনচ্যুত হয়। মুঠ ২২টা ডবাৰে গঠিত ৰে’ল খনত প্ৰায় ৭৮২ গৰাকী যাত্ৰী আছিল, যাৰ ভিতৰত প্ৰায় ২১৬গৰাকী যাত্ৰী ক্ষতিগ্ৰস্ত ডবাকেইটাত ভ্ৰমণ কৰিছিল । সৌভাগ্যক্ৰমে যাত্ৰীসকলৰ মাজত কোনো লোকৰ মৃত্যু বা গুৰুতৰভাৱে আহত হোৱাৰ ঘটনা সংঘটিত হোৱা নাই ।
এই ঘটনাৰ পৰিপ্ৰেক্ষিতত কেইবাখনো ৰে’লৰ বাতিলকৰণ, সংক্ষিপ্ত পৰিসমাপ্তি অথবা নিয়ন্ত্ৰিত কৰিবলগীয়া হয় যদিও, উত্তৰ-পূব সীমান্ত ৰে’লৱেই স্বাভাৱিক ৰে’ল চলাচল পুনৰ আৰম্ভ কৰাৰ বাবে সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰে। একেদিনাই উভয় দিশৰ (আপ আৰু ডাউন) ৰে’লপথেৰে ৰে’ল চলাচল পুনৰ আৰম্ভ কৰা হয়।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধককে ধৰি জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গই সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানসমূহ ব্যক্তিগতভাৱে তদাৰক কৰাৰ লগতে পৰিস্থিতিৰ বুজ ল’বলৈ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে।
ঘটনাটোৰ এক বিস্তৃত তদন্তও আৰম্ভ কৰা হৈছে। ক্ষতিগ্ৰস্ত ইঞ্জিন আৰু ডবাকেইটাৰ লগতে সংশ্লিষ্ট ৰে’লৱে বিষয়াবৰ্গৰ প্ৰাথমিক অনুসন্ধান অব্যাহত আছে। তদুপৰি, লাইনচ্যুত হোৱাৰ কাৰণ সমূহ নিৰ্ধাৰণ কৰিবলৈ বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ সকলক লৈ এটা তদন্তকাৰী দল গঠন কৰা হৈছে। তদন্ত আৰু অনুসন্ধানৰ ফলাফল সম্পূৰ্ণ হোৱাৰ পিছতহে ঘটনাটোৰ প্ৰকৃত কাৰণ নিৰ্ধাৰণ কৰা হ’ব।
উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰীৰ সুৰক্ষা, সময়মতে সাহায্য প্ৰদান, চিকিৎসা সাহায্য আৰু আকস্মিক পৰিস্থিতিত যাত্ৰী সকলৰ অসুবিধা ন্যূনতম কৰাৰ দিশত নিজৰ প্ৰতিশ্ৰুতিৰ প্ৰতি দায়বদ্ধ থকাৰ লগতে সুৰক্ষিত ৰে’ল চলাচল নিশ্চিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি আহিছে ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ