
ওদালগুৰি, ১৩ নৱেম্বৰ (হি.স.)। টংলা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্ক। নিৰ্বাচন প্ৰক্ৰিয়াত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি মহাবিদ্যালয় খনৰ একাংশ শিক্ষাৰ্থীয়ে নিৰ্বাচন সমিতিৰ বিৰুদ্ধে আদালতত এখন আবেদন দাখিল কৰে। আবেদন খনৰ পৰিপ্ৰেক্ষিতত আদালতৰ ফালৰ পৰা নিৰ্বাচনটো স্থগিত ৰখাৰ সন্দৰ্ভত এখন জাননী জাৰি কৰা বুলি জানিব পৰা গৈছে।
কিন্তু উক্ত জাননী লাভ কৰাৰ পিছতে মহাবিদ্যালয় খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জাননী খনক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে মহাবিদ্যালয় চৌহদত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ