৪ৰ্থ সংখ্যক প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ শুভাৰম্ভণি
গুৱাহাটী, ১৩ নৱেম্বৰ (হি.স.)। আজি ১৩ নৱেম্বৰ ২০২৬ ইং তাৰিখ শুক্ৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিৰ ফণীধৰ দত্ত সভাগৃহত শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত ৪ৰ্থ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ শুভাৰম্ভণি হয়। উৎসৱৰ প্ৰথম দিন উপলক্ষে আয়োজিত উদ্বোধ
গুৱাহাটীঃ ৪ৰ্থ সংখ্যক প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ শুভাৰম্ভণি দৃশ্য়।


গুৱাহাটীঃ ৪ৰ্থ সংখ্যক প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ শুভাৰম্ভণি দৃশ্য়।


গুৱাহাটী, ১৩ নৱেম্বৰ (হি.স.)। আজি ১৩ নৱেম্বৰ ২০২৬ ইং তাৰিখ শুক্ৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিৰ ফণীধৰ দত্ত সভাগৃহত শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত ৪ৰ্থ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ শুভাৰম্ভণি হয়। উৎসৱৰ প্ৰথম দিন উপলক্ষে আয়োজিত উদ্বোধনী সত্ৰত শিপাৰ সন্ধানত শীৰ্ষক মূল বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই ।

অধ্যাপক মহন্তই ভাষণ প্ৰসংগত কয় যে অসমীয়া জাতিৰ শিপাডাল এডাল বটবৃক্ষৰ দৰেই; এই শিপাৰ সন্ধান কৰিলে গুৰুজনা শংকৰদেৱৰ দৰ্শন, চুকাফাৰ বৰ অসম গঢ়াৰ চিন্তাক বিচাৰি পোৱা যায়।মনিষা শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য সমুদ্ৰ গুপ্ত কাশ্যপে শিপাৰ সন্ধান কৰি অসমৰ বহু ঐতিহাসিক ঘটনা-পৰিঘটনা উল্লেখ কৰে ।

সাহিত্য উৎসৱৰ কাৰ্যকৰী সভাপতি সৌম্যদ্বীপ দত্তই আদৰণী ভাষণ প্ৰদান কৰে । ভাষণ প্ৰসংগত জ্যেষ্ঠ কবি বশিষ্ঠ বুজৰবৰুৱাদেৱৰ অপ্ৰতিৰোধ্য মই শীৰ্ষক কবিতাটি পাঠ কৰে। অনুষ্ঠানটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক কন্দৰ্প কুমাৰ ডেকাই উৎসৱৰ মুখপত্ৰ প্ৰাগজ্যোতি উন্মোচন কৰে । প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° দেবব্ৰত খনিকৰো উপস্থিত থাকে।

উদ্বোধনী অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় ড° দেৱাশীষ শইকীয়াই। উদ্বোধনী সত্ৰৰ পিছতেই ভাৰতৰ গৌৰৱোজ্জ্বল ইতিহাস চৰ্চাৰ প্ৰাসংগিকতা শীৰ্ষক সত্ৰত সমল ব্যক্তি ৰূপে উপস্থিত থাকে ড° সমুদ্ৰ গুপ্ত কাশ্যপ, অধ্যাপক ৰীতামণি বৈশ্য, ড° অংকিতা দত্ত আৰু ড° ভাস্কৰজ্যোতি শৰ্মা । প্ৰথম দিনৰ শেষত কাব্য কাবেৰী অনুষ্ঠানত অসমৰ ১৭ গৰাকীকৈ ন-পুৰণি কবিয়ে নিজৰ স্বৰচিত কবিতা পাঠ কৰে ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande