প্ৰথম বাহিনী এছএছবি উদ্যোগত সজাগতা কাৰ্যসূচী অনুষ্ঠিত
গুৱাহাটী, ১৩ নৱেম্বৰ (হি.স.)। প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল (এছএছবি), সোণাপুৰৰ জি কোম্পানী, হোজাইৰ কাৰ্যক্ষেত্ৰৰ অন্তৰ্গত আজি নন্দীপুৰ মিডিল স্কুলত জনজাতীয় গৌৰৱ দিৱস, জনজাতীয় সজাগতা অভিযান, নিচামুক্ত ভাৰত অভিযান আৰু বেটী বচাও, বেটী পঢ়াও অভিযানৰ অ
असमः एसएसबी की प्रथम वाहिनी के जी समवाय द्वारा होजाई में आयोजित विभिन्न जागरूकता कार्यक्रम में हिस्सा लेने वाले विद्यार्थियों की तस्वीर।


গুৱাহাটী, ১৩ নৱেম্বৰ (হি.স.)। প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল (এছএছবি), সোণাপুৰৰ জি কোম্পানী, হোজাইৰ কাৰ্যক্ষেত্ৰৰ অন্তৰ্গত আজি নন্দীপুৰ মিডিল স্কুলত জনজাতীয় গৌৰৱ দিৱস, জনজাতীয় সজাগতা অভিযান, নিচামুক্ত ভাৰত অভিযান আৰু বেটী বচাও, বেটী পঢ়াও অভিযানৰ অধীনত এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

এছএছবি প্ৰথম বাহিনীৰ কমাণ্ডেণ্ট সুনীল কৌশিকৰ সুদক্ষ মাৰ্গদৰ্শনত এই কাৰ্যসূচীৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজক বিভিন্ন সামাজিক আৰু ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে সজাগ কৰা হয়। কাৰ্যসূচীৰ সময়ত বিভিন্ন কাৰ্যকলাপসমূহ অনুষ্ঠিত কৰা হয়।

জনজাতীয় গৌৰৱ দিৱসৰ গুৰুত্ব আৰু জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানৰ বিষয়ে অৱগত কৰা হয়। জনজাতীয় সমাজৰ চহকী সংস্কৃতি, পৰম্পৰা আৰু গৌৰৱোজ্জ্বল ইতিহাসৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। বেটী বচাও, বেটী পঢ়াও অভিযানৰ বিষয়ে সজাগতা প্ৰদান কৰা হয়। নিচামুক্ত ভাৰত অভিযানৰ অধীনত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। নিচাজাতীয় দ্ৰব্যৰ অপকাৰিতা আৰু ইয়াৰ ভয়াবহ পৰিণামৰ বিষয়ে অৱগত কৰা হয়। সশস্ত্ৰ সীমা বলত নিযুক্তি লাভৰ প্ৰক্ৰিয়া আৰু কৰ্মসংস্থাপনৰ সুযোগৰ বিষয়ে তথ্য প্ৰদান কৰা হয়।

উক্ত কাৰ্যসূচীত প্ৰায় ১২০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু সশস্ত্ৰ সীমা বলৰ ১৪ গৰাকী জোৱানে উৎসাহেৰে অংশগ্ৰহণ কৰে।

এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ মাজত জনজাতীয় গৌৰৱ, সংস্কৃতি আৰু পৰম্পৰা, নিচামুক্তি, কন্যা শিক্ষাৰ প্ৰসাৰ, মহিলা সবলীকৰণ তথা ৰাষ্ট্ৰ নিৰ্মাণত জনজাতীয় সমাজৰ অৱদানৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু যুৱ প্ৰজন্মক দেশসেৱাৰ বাবে উৎসাহিত কৰা।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande