‘হাইৱে ধাবা’ৰ প’ষ্টাৰ, শীৰ্ষক গীত মুকলি; ১১ ডিচেম্বৰত মুক্তি
গুৱাহাটী, ১১ নৱেম্বৰ (হি.স.)। নতুন অসমীয়া হাস্যৰসাত্মক কথা ছবি ‘হাইৱে ধাবা’ৰ আনুষ্ঠানিক প’ষ্টাৰ আৰু শীৰ্ষক গীতটি আজি ১১ নৱেম্বৰত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত মুকলি কৰা হয়। জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশে কণ্ঠদান কৰা গীতট
‘হাইৱে ধাবা’ৰ প’ষ্টাৰ


গুৱাহাটী, ১১ নৱেম্বৰ (হি.স.)। নতুন অসমীয়া হাস্যৰসাত্মক কথা ছবি ‘হাইৱে ধাবা’ৰ আনুষ্ঠানিক প’ষ্টাৰ আৰু শীৰ্ষক গীতটি আজি ১১ নৱেম্বৰত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত মুকলি কৰা হয়। জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশে কণ্ঠদান কৰা গীতটোৱে ইতিমধ্যে দৰ্শকৰ মাজত সমাদৃত হৈছে। গীতটিত আচুৰ্য বৰপাত্ৰয়ো কণ্ঠদান কৰিছে । অহা ১১ ডিচেম্বৰত ছবিখন অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব।

‘সম্যক ফিল্মছ’ৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাহিনী, পৰিচালনা আৰু প্ৰযোজনা কৰিছে দেৱ প্ৰসন্ন দাসে। ৰোমাণ্টিক-কমেডী আৰু পাৰিবাৰিক মনোৰঞ্জনধৰ্মী কাহিনীৰে নিৰ্মিত ছবিখনে অসমৰ ছবিগৃহলৈ এক নতুন সোৱাদ কঢ়িয়াই আনিব বুলি আশাবাদী নিৰ্মাতাগোষ্ঠী।

উল্লেখ্য যে পথৰ কাষৰ এখন ধাবাক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে ছবিখনৰ কাহিনী। হাঁহি, প্ৰেম আৰু জীৱনৰ বিভিন্ন পৰিস্থিতিৰে সমৃদ্ধ ছবিখনে দৰ্শকক এক মনোৰঞ্জনধৰ্মী অভিজ্ঞতা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে নিৰ্মাতাসকলে।

জ্যোতি চিত্ৰবনত অনুষ্ঠিত অনুষ্ঠানত ছবিখনৰ প’ষ্টাৰ আৰু শীৰ্ষক গীত মুকলি কৰাৰ সময়ত উপস্থিত দৰ্শক আৰু অতিথিসকলৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হয়। গীতটোৰ কথা আৰু সুৰ দেৱ প্ৰসন্ন দাসৰ। সংগীত পৰিচালনা কৰিছে বিনোদ ভৰদ্বাজে। প’ষ্টাৰৰ জৰিয়তে ছবিখনৰ কাহিনী আৰু চৰিত্ৰসমূহৰ আভাসো দৰ্শকৰ সন্মুখলৈ আহিছে।

ছবিখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ চৰিত্ৰত অৰুণ নাথ, গুণাকৰ দেৱ গোস্বামী আৰু বিৰিনা চক্ৰৱৰ্তীৰ দৰে জ্যেষ্ঠ শিল্পীৰ লগতে অভিনয় কৰিছে পংকজ মহন্ত, যশশ্ৰী ভূঞা, ত্ৰিদিব লাহন, সুদীপ্তা ৰাজ উপাধ্যায়, অসীম শৰ্মা, সঞ্জীৱ বৰুৱাগোহাঁই, অচিন্ত শংকৰ, শ্ৰেয়া বৰঠাকুৰ, মৃগাংক দীপ্তি গোস্বামী, বাঞ্জু বৰা আৰু মৈত্ৰেয়ী গোস্বামীয়ে।

চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে ত্ৰিদিব লাহনে। চিত্ৰগ্ৰহণৰ দায়িত্বত আছে জ্ঞান গৌতম। সম্পাদনাৰ দায়িত্ব পালন কৰিছে তৰক পাল আৰু মানস কাশ্যপে। সাজ-সজ্জাৰ কাম কৰিছে গৰিমা শইকীয়া গাৰ্গে।

ছবিখনৰ সহ-প্ৰযোজনা কৰিছে সংগীতা দাস আৰু সংগীত প্ৰসন্নই। কাৰ্যবাহী প্ৰযোজক হিচাপে আছে দেৱজিং শৰ্মা। সহযোগী পৰিচালকৰ দায়িত্বত আছে মানস সাগৰ, অনিমিতা কলিতা আৰু প্ৰত্যুষ ডেকা। প্ৰডাকচন মেনেজাৰৰ দায়িত্ব পালন কৰিছে দীপ বৰবাই আৰু প্ৰচাৰ প’ষ্টাৰসমূহৰ ডিজাইন কৰিছে খতুপৰ্ণ বৰবাই। অহা ১১ ডিচেম্বৰত অসমৰ ছবিগৃহসমূহত ‘হাইৱে ধাবা’ই মুক্তি লাভ কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande