
নতুন দিল্লী, ০৭ অক্টোবৰ (হি.স.)। বুধবাৰে প্ৰকাশিত আইচিচিৰ শেহতীয়া ৰেংকিঙত ভাৰতৰ টি-২০ আইৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে টি-২০ আইৰ বেটিং তালিকাত কেৰিয়াৰৰ শ্ৰেষ্ঠ সপ্তম স্থান দখল কৰাৰ বিপৰীতে এদিনীয়াৰ অধিনায়ক শুভমন গিলে ৫০ অভাৰৰ ফৰ্মেটত শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে।
মঙলবাৰে লক্ষ্ণৌত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন খেলত ৪৩টা বলত ১০২টা নট আউটৰ বিস্ফোৰক ইনিংছ খেলিছিল আয়াৰে। তেওঁৰ ইনিংছত আছিল ১০টা চাৰি আৰু ৬টা ছয়। এই উজ্জ্বল প্ৰদৰ্শনে বিশ্ব চেম্পিয়ন ভাৰতক ৮ উইকেটত মেচখন জয় কৰাত সহায় কৰে।
আইচিচিৰ তথ্য অনুসৰি এই ইনিংছৰ পিছত আয়াৰে ১৮ স্থান জপিয়াই সপ্তম স্থানত উপনীত হৈ টি-২০ত ভাৰতৰ তৃতীয় সৰ্বোচ্চ ৰেংকিং বেটছমেন হিচাপে পৰিগণিত হয়। ঈশান কিষাণ আৰু অভিষেক শৰ্মাই শীৰ্ষ দুটা স্থান অক্ষুণ্ণ ৰখাৰ বিপৰীতে তিলক বৰ্মাই দশম স্থানত আছে। এতিয়া শীৰ্ষ ১০ ৰ ভিতৰত আছে চাৰিজন ভাৰতীয় বেটছমেন।
যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীও আঠটা স্থান বৃদ্ধি পাই ৪৬ নম্বৰ স্থানত উপনীত হৈছে।
ৱেষ্ট ইণ্ডিজৰ বেটছমেন শ্বাৰফেন ৰাদাৰফোৰ্ডে ৫৬ ৰানৰ ইনিংছত ফোহা ফুটাই ১০ স্থান জপিয়াই ৩৭ নম্বৰ স্থান দখল কৰে। ইফালে এছিয়ান গেমছত পাকিস্তানৰ হাছান নৱাজে ৬২ স্থান বৃদ্ধি কৰি ৪৮ নম্বৰ স্থান লাভ কৰিছে।
বলাৰৰ ৰেংকিঙত এছিয়ান গেমছৰ ছেমি ফাইনেল আৰু ফাইনেলত ক্ৰমে ২৯ ৰানত ০ আৰু ২৯ ৰানত ১ ৰান সংগ্ৰহ কৰা আব্ৰাৰ আহমেদে নিজৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিব নোৱাৰিলে।
আফগানিস্তানৰ লেগ স্পিনাৰ ৰছিদ খানে পুনৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় বলাৰ ৰেংকিঙত শীৰ্ষ স্থান দখল কৰিছে। এইবাৰ অষ্টমবাৰৰ বাবে ৰছিদে শীৰ্ষ স্থান দখল কৰিছে। আন যিকোনো বলাৰতকৈ দুগুণতকৈও অধিক সময় তেওঁ এক নম্বৰ স্থান দখল কৰি আছে।
ভাৰতীয় বাওঁহাতৰ স্পিনাৰ অক্ষৰ পেটেলে যোৱা সপ্তাহত তিনিখন মেচত দুটা উইকেট দখল কৰিছিল। ইয়াৰ পাছতে তেওঁ ১৬ স্থান জপিয়াই সপ্তম স্থান লাভ কৰে।
এদিনীয়া ৰেংকিঙৰ শীৰ্ষত আছে গিল
গুৱাহাটীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া খেলত অপৰাজিত ২২৩ ৰান সংগ্ৰহ কৰি এদিনীয়া বেটিং ৰেংকিঙত নিজৰ শীৰ্ষস্থান আৰু অধিক সুদৃঢ় কৰে শুভমন গিল।
এই ফৰ্মেটত গীলৰ এইটো আছিল দ্বিতীয়টো ডাবল চেঞ্চুৰী আৰু লগতে এদিনীয়া মেচত লক্ষ্য খেদি যোৱাৰ সময়ত তেওঁৰ সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰ। এই ইনিংছত গিলে ২৫ ৰেটিং পইণ্ট লাভ কৰি কেৰিয়াৰৰ শ্ৰেষ্ঠ ৮৪১ পইণ্ট লাভ কৰে।
ভাৰতীয় প্রাক্তন অধিনায়ক বিৰাট কোহলি দ্বিতীয়ৰ পৰা তৃতীয় স্থানলৈ এটা স্থান পিছলিছে৷
কে এল ৰাহুলেও ৭টা স্থান জপিয়াই শীৰ্ষ দহটা স্থানলৈ ঘূৰি আহিছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলত সুন্দৰ শতক অৰ্জন কৰি এতিয়া দশম স্থানত আছে ৰাহুলে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ