
নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। দেশৰ সৰ্ববৃহৎ গাড়ী নিৰ্মাতা কোম্পানী মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডে নিজৰ জনপ্ৰিয় চেডান মাৰুতি চুজুকি ডিজাইৰৰ ৩৫ লাখ ইউনিটৰ মাইলৰ খুঁটি অতিক্ৰম কৰিলে।
শনিবাৰে প্ৰকাশ কৰা এক বিবৃতিত এমএছআইএলে কয় যে তেওঁলোকৰ চেডান ডিজাইৰে ৩৫ লাখ ইউনিটৰ মুঠ উৎপাদনৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। বৰ্তমান কোম্পানীটোৰ মানেছাৰ প্লাণ্টত নিৰ্মিত ডিজাইৰে প্ৰায় ১৮ বছৰ ৯ মাহত এই মাইলৰ খুঁটিটো অৰ্জন কৰিছে।
মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’ হিছাছি টাকেউচিয়ে এই উপলক্ষে কয় যে, “ডিজাইৰৰ মুঠ উৎপাদন ৩৫ লাখ ইউনিটৰ মাইলৰ খুঁটি মডেলটোৰ যাত্ৰাৰ এক মাইলৰ খুঁটি।”
তেওঁ লগতে কয় যে, “আমি ভাৰত আৰু বিশ্ব বজাৰত গ্ৰাহকসকলক বিশ্বমানৰ মানদণ্ড আৰু সন্তুষ্টি প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, একে সময়তে আমাৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰি যাম।”
মন কৰিবলগীয়া যে এমএছআইএলৰ ডিজায়াৰৰ বাহিৰেও অল্টো, ছুইফট আৰু ৱেগনআৰ এই সীমা অতিক্ৰম কৰা আন মডেল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া