ইৰেডাৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে যতীন কুমাৰ নায়কৰ দায়িত্ব গ্ৰহণ
নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। যতীন কুমাৰ নায়কে ভাৰতীয় নবীকৰণযোগ্য শক্তি উন্নয়ন সংস্থা লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক (চিএমডি) হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। শনিবাৰে কোম্পানীটোৱে এক বিবৃতিত কয় যে যোৱা ৩১ অক্টোবৰত যতীন কুমাৰ নায়কে ভাৰতীয
जतिन कुमार नायक का फाइल फोटो


নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। যতীন কুমাৰ নায়কে ভাৰতীয় নবীকৰণযোগ্য শক্তি উন্নয়ন সংস্থা লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক (চিএমডি) হিচাপে দায়িত্ব গ্ৰহণ কৰিছে।

শনিবাৰে কোম্পানীটোৱে এক বিবৃতিত কয় যে যোৱা ৩১ অক্টোবৰত যতীন কুমাৰ নায়কে ভাৰতীয় নবীকৰণযোগ্য শক্তি উন্নয়ন সংস্থা লিমিটেডৰ নতুন অধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে।

ইয়াৰ পূৰ্বে যতীন কুমাৰ নায়কে ৰাজহুৱা খণ্ডৰ কোম্পানী আৰ ই চি লিমিটেডৰ কাৰ্যবাহী সঞ্চালক (বিত্ত) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নায়কৰ তিনিটা দশকৰো অধিক সময়ৰ বিস্তৃত আৰু বৈচিত্ৰময় অভিজ্ঞতা আছে। আৰ ই চিৰ সহযোগী কোম্পানী আৰ ই চি ট্ৰেন্সমিছন প্ৰজেক্টছ কোম্পানী লিমিটেডৰ মুখ্য বিত্তীয় বিষয়া (চি এফ অ’) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

কেৰিয়াৰৰ আৰম্ভণিতে নায়কে এন এইচ পি চি, হিন্দুস্তান কপাৰ, নেচনেল এলুমিনিয়াম কোম্পানী লিমিটেড (নালকো), আৰু নীলাচল ইছপাট নিগম লিমিটেডত কাম কৰিছিল। তেওঁৰ অভিজ্ঞতাই শক্তি খণ্ডৰ লগতে খনন আৰু ধাতুৰ দৰে সম্পদভিত্তিক উদ্যোগসমূহকো সামৰি লৈছে।

উল্লেখযোগ্য যে নায়কে ওড়িশাৰ ভুৱনেশ্বৰৰ উটকাল বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande