আইডিবিআই বেংক কৰ্মচাৰী মঞ্চৰ ফেয়াৰফেক্সক সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব বিক্ৰীৰ বিৰোধিতা, সংসদীয় তদন্তৰ দাবী
নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। আইডিবিআই বেংকৰ সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব কানাডাৰ ফেয়াৰফেক্সক বিক্ৰী কৰাৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছে আইডিবিআইৰ বিষয়া আৰু কৰ্মচাৰীৰ যুটীয়া মঞ্চই। শীঘ্ৰে এই প্ৰক্ৰিয়া স্থগিত ৰখাৰ লগতে সংসদীয় পৰ্য্যালোচনাৰ পুংখানুপুংখ
आईडीबीआई बैंक के लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। আইডিবিআই বেংকৰ সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব কানাডাৰ ফেয়াৰফেক্সক বিক্ৰী কৰাৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছে আইডিবিআইৰ বিষয়া আৰু কৰ্মচাৰীৰ যুটীয়া মঞ্চই। শীঘ্ৰে এই প্ৰক্ৰিয়া স্থগিত ৰখাৰ লগতে সংসদীয় পৰ্য্যালোচনাৰ পুংখানুপুংখভাৱে দাবী জনাইছে।

শনিবাৰে বেংক কৰ্মচাৰী মঞ্চই ফেয়াৰফেক্সক সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব বিক্ৰীৰ বিৰোধিতা কৰি সংসদীয় পৰ্যালোচনাৰ দাবী জনায়। কেন্দ্ৰীয় চৰকাৰে বেংকটোৰ ৬০.৭২% অংশীদাৰিত্ব কানাডাৰ কোম্পানী ফেয়াৰফেক্স ফাইনেন্সিয়েল হোল্ডিংছক প্ৰায় ৫৩,০০০ কোটি টকাত বিক্ৰী কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ফ’ৰামে।

বেংক কৰ্মচাৰী সংঘৰ মতে এই সিদ্ধান্ত ভুল সময়ত লোৱা হৈছে আৰু ইয়াৰ কোনো বাধ্যতামূলক যুক্তিৰ অভাৱ। বজাৰৰ অস্থিৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানতা, মূল্যায়নৰ স্বচ্ছতা, আৰু বহল ৰাজহুৱা আলোচনাৰ প্ৰয়োজন।

আইডিবিআই বেংক বিষয়া সন্থাৰ সভাপতি সুৰৱ কুমাৰে কয় যে আমাৰ বেংক বিশেষকৈ বিদেশী কোম্পানীক বিক্ৰী কৰাৰ কোনো কাৰণ নাই। সৰ্বভাৰতীয় আইডিবিআই বিষয়া সন্থা আৰু সৰ্বভাৰতীয় উদ্যোগ উন্নয়ন বেংক কৰ্মচাৰী সন্থাৰ যুটীয়া মঞ্চই ২০২৬ চনৰ ২ আৰু ৩ নৱেম্বৰত দেশজোৰা অনশন কাৰ্যসূচী ঘোষণা কৰি বেংকটোৰ ৬০.৭২% অংশীদাৰিত্ব বিক্ৰীৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

তদুপৰি মঞ্চৰ আহ্বায়ক দেৱীদাস তুলজাপুৰকাৰে এই প্ৰক্ৰিয়া শীঘ্ৰে বন্ধ কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ সংসদীয় পৰ্যালোচনাৰ দাবী জনাইছে। তেওঁ এই প্ৰক্ৰিয়া শীঘ্ৰে বন্ধ কৰি সংসদীয় তত্বাৱধানত ব্যাপক পৰ্যালোচনাৰ দাবী জনাইছে।

ইয়াৰ পূৰ্বে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও বেংকৰ কৰ্মচাৰীসকলক সমৰ্থন কৰি লাভজনক বেংকটো বিক্ৰী কৰাৰ চৰকাৰে লোৱা সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰে, যদিও চৰকাৰে স্বতন্ত্ৰ পেছাদাৰী সংস্থাসমূহে সঠিক মূল্য নিৰ্ধাৰণ কৰা বুলি দাবী কৰে। ইফালে ৰাহুলৰ প্ৰশ্নৰ উত্তৰ দিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ২০২৬ চনৰ ১৪ অক্টোবৰত এই লেনদেনত অনুমোদন জনাইছিল, য’ত চৰকাৰৰ ৩০.৪৮ শতাংশ অংশীদাৰিত্ব (প্ৰায় ২৬,৬২০ কোটি টকা) আৰু এল আই চিৰ ৩০.২৪ শতাংশ অংশীদাৰিত্ব (প্ৰায় ২৬,৪৪০ কোটি টকা) অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমোদনৰ অধীনত চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ শেষৰ ফালে এই লেনদেন সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande