
নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। ঘৰুৱা বস্ত্ৰ আৰু পোছাক উদ্যোগৰ বাবে কেঁচা কপাহৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰাৰ লগতে উৎপাদন ব্যয় হ্ৰাস কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে শুল্কমুক্ত কপাহ আমদানিৰ সময়সীমা ২০২৬ চনৰ ৩১ ডিচেম্বৰলৈ দুমাহ বৃদ্ধি কৰিছে।
বিত্ত মন্ত্ৰালয়ৰ ৰাজহ বিভাগে এই তথ্য প্ৰদান কৰে। কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ডে ৩০ অক্টোবৰত এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছিল। পূৰ্বতে এই শুল্ক ৰেহাই ২০২৬ চনৰ ৩১ অক্টোবৰলৈকে বৈধ আছিল যদিও এতিয়া ২০২৬ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে।
বিত্ত মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, এই বৃদ্ধিৰ ফলত বস্ত্ৰ আৰু পোছাক খণ্ডত উৎপাদন ব্যয় হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা বস্ত্ৰ কোম্পানী আৰু গ্ৰাহকক সকাহ পোৱা যাব। একে সময়তে ঘৰুৱা কৃষকৰ স্বাৰ্থকো লক্ষ্য কৰা হৈছে।
মন্ত্ৰালয়ে কয় যে এই পদক্ষেপে বজাৰত কপাহৰ উন্নত উপলব্ধতাও নিশ্চিত কৰিব, যিয়ে ঘৰুৱা বস্ত্ৰ উদ্যোগ বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এছএমই)ৰ কাম-কাজত ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে।
উল্লেখযোগ্য যে মে’ মাহত চৰকাৰে কপাহ আমদানিৰ পৰা পাঁচ মাহৰ বাবে ২০২৬ চনৰ ৩১ অক্টোবৰলৈকে শুল্ক ৰেহাই দিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া