
শোণিতপুৰ, ৩ অক্টোবৰ (হি.স.)। নাট্য সাহিত্য বা গীতি সাহিত্যই সাহিত্যিক মৰ্যাদা বা স্বীকৃতি সততে লাভ নকৰাৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে তেজপুৰবাসীৰ গৌৰৱ ,প্ৰায় আঢ়ৈশখন মৌলিক নাটকৰ স্ৰষ্টা তথা নাট্যসম্ৰাট প্ৰয়াত প্ৰফুল্ল বৰাৰ নাটকে গৱেষণাগাৰ জৰিয়তে সাহিত্যিক মৰ্যাদা তথা বিশেষ স্বীকৃতি লাভ কৰাৰ এক আশাব্যঞ্জক খবৰে নাটকৰ নগৰী হিচাপে পৰিগণিত তেজপুৰবাসীক আহ্লাদিত কৰি তুলিছে ।
উল্লেখ্য যে আকাশৰ ৰং ,সীমান্তৰ জুই ,সাঁকো ,সূৰ্য্যস্নান ,বৰুৱাৰ সংসাৰ ,উপপথ ,নেতা ,মৃত্যুঞ্জয় ,চিৰন্তন ,বাণ ,সময় ,ৰূপৱতী ,দেৱযানী ,নৰ্তকী ,কলংকিনী ,সোণ -ৰূপ -হীৰা ,নাচনী ,ৰংগলী ,মন আমাৰ মন ,পৰিচয় ,বন্ধনমুক্তি ,ভাইটি ,অংগীকাৰ ,বাইদেউ আদি পূৰ্ণাংগ নাটকৰ স্ৰষ্টা ,বিশিষ্ট নাট্যকাৰ ,গীতিকাৰ ,চলচ্চিত্ৰ প্ৰযোজক ,কবি সাহিত্যিক প্ৰফুল্ল বৰাৰ ১১ খন নিৰ্বাচিত নাটকক সমল হিচাপে লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ গৱেষক ছাত্ৰী সমুদ্ৰী কলিতাই ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতাৰ তত্বাৱধানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে ।
উল্লেখ্য যে ,আধুনিক নাট্য আন্দোলনক অধিক গতিশীলতা প্ৰদান কৰি যোৱা প্ৰফুল্ল বৰাই প্ৰায় দুটাকৈ দশক ধৰি অসম ষ্টাৰ ,কহিনুৰ ,আৱাহন আদি বিভিন্ন আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে শতাধিক মৌলিক অসমীয়া সামাজিক নাটক ৰচনা কৰি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।শেহতীয়া এই সংবাদে তেজপুৰৰ এইগৰাকী ক্ষনজন্মা নাট্যকাৰ ,নাট্যসম্ৰাট ,শোণিত গৌৰৱ প্ৰফুল্ল বৰা চৰ্চাত এক নতুন অধ্যায় সংযোজন ঘটালে বুলি এতিয়া সচেতন মহলে প্ৰকাশ কৰিছে ।এই খবৰ লাভ কৰাৰ পিছত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই এয়া প্ৰয়াত প্ৰফুল্ল বৰাৰ নাট্য সাহিত্যলৈ প্ৰকৃত মৰ্যাদা বুলি মন্তব্য কৰি ইয়াৰ দ্বাৰা প্ৰফুল্ল বৰাৰ নাট্য প্ৰতিভাৰ বিশেষ চৰ্চাৰ পথ সুগম হ'ল বুলি মন্তব্য কৰে ।আনহাতে প্ৰফুল্ল বৰাৰ জীৱন -দৰ্শন আৰু সৃষ্টিৰাজি নতুন প্ৰজন্মৰ পাথেয় কৰি তুলিবলৈ প্ৰতি বছৰেই প্ৰফুল্ল বৰাৰ স্মৃতিদিৱসত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত তেজপুৰত প্ৰফুল্ল বৰা সোঁৱৰণী নাট সমাৰোহৰ আয়োজন কৰি অহা অৱদান নাট্যগোষ্ঠীৰ সভাপতি তথা বিশিষ্ট নাট পৰিচালক প্ৰমথ দাসে এই খবৰে আহ্লাদিত কৰিছে বুলি মন্তব্য কৰি নতুন প্ৰজন্মৰ মাজত প্ৰফুল্ল বৰাৰ নাট্য প্ৰতিভা চৰ্চা হোৱাটো খুবেই প্ৰয়োজন বুলি মন্তব্য কৰে ।
অসম সাহিত্য সভাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে প্ৰফুল্ল বৰাৰ স্মৃতি দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই শিক্ষাৰ্থী গৰাকীয়ে এনে এটা বিষয় নিৰ্বাচন কৰি গৱেষণা কৰাৰ বাবে ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰাৰ লগতে তত্বাৱধায়ক ,ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতাকো কৃতজ্ঞতা জ্ঞাপন কৰে ।উল্লেখ্য যে প্ৰফুল্ল বৰাৰ দুই শিল্পী পুত্ৰ অংশুমান বৰা আৰু প্ৰিয়াংকু বৰাইও শিক্ষাৰ্থী গৰাকীক ধন্যবাদ জ্ঞাপন কৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ