দুৰ্গাপূজা উপলক্ষে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সকলৰ বাবে ১৭ অক্টোবৰৰ দিনটো অতিৰিক্ত চৰকাৰী বন্ধ হিচাপে ঘোষণা
গুৱাহাটী, ০৩ অক্টোবৰ(হি.স.)। দুৰ্গা পূজা উপলক্ষে অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সকলৰ বাবে ১৭ অক্টোবৰ, ২০২৬(শনিবাৰ) দিনটো অতিৰিক্ত চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে । অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে শনিবাৰে জাৰি কৰা জাননী অনুসৰি, ২৪ ছেপ্টেম্বৰত অন
দুৰ্গাপূজা উপলক্ষে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সকলৰ বাবে ১৭ অক্টোবৰৰ দিনটো অতিৰিক্ত চৰকাৰী বন্ধ হিচাপে ঘোষণা


গুৱাহাটী, ০৩ অক্টোবৰ(হি.স.)। দুৰ্গা পূজা উপলক্ষে অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সকলৰ বাবে ১৭ অক্টোবৰ, ২০২৬(শনিবাৰ) দিনটো অতিৰিক্ত চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে ।

অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে শনিবাৰে জাৰি কৰা জাননী অনুসৰি, ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তৰ ভিত্তিত উক্ত অতিৰিক্ত বন্ধ ঘোষণা কৰা হৈছে । ১৭ অক্টোবৰৰ দিনটো মহা সপ্তমী উপলক্ষে কৰ্মচাৰী সকলৰ বাবে অতিৰিক্ত বন্ধ হিচাপে ঘোষণা কৰা হৈছে।

উক্ত চৰকাৰী সিদ্ধান্তৰ ফলত ১৭ অক্টোবৰত অসম চৰকাৰৰ অধীনস্থ সকলো চৰকাৰী কাৰ্যালয়, লগতে ৰাজ্যৰ সকলো ৰাজহ আৰু ন্যায়িক দণ্ডাধীশৰ আদালত বন্ধ থাকিব। উল্লেখ্য যে এইবাৰ দুৰ্গা পূজাৰ ছুটীৰ মাজত এটা দিন দেওবাৰ পৰাত কৰ্মচাৰী সকলৰ বাবে অতিৰিক্ত এদিনৰ বন্ধ ঘোষণা কৰাৰ সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande