তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন হ’ব ধ্ৰুপদী অসমীয়া অধ্যয়নৰ উৎকৰ্ষ কেন্দ্ৰ
শোণিতপুৰ, ০৩ অক্টোবৰ (হি.স.) । ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে তেজপুৰ বিশ্ববিদ্যালয়ক ''ধ্ৰুপদী অসমীয়া অধ্যয়নৰ উৎকৰ্ষ কেন্দ্ৰ'' (Centre of Excellence for Studies in Classical Assamese) হিচাপে মনোনীত কৰিছে। মন্ত্ৰালয়ে ধ্ৰুপদী
তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন হ’ব ধ্ৰুপদী অসমীয়া অধ্যয়নৰ উৎকৰ্ষ কেন্দ্ৰ


শোণিতপুৰ, ০৩ অক্টোবৰ (হি.স.) । ভাৰত চৰকাৰৰ

শিক্ষা মন্ত্ৰালয়ে তেজপুৰ বিশ্ববিদ্যালয়ক 'ধ্ৰুপদী অসমীয়া অধ্যয়নৰ উৎকৰ্ষ কেন্দ্ৰ'

(Centre of Excellence for Studies in Classical Assamese) হিচাপে মনোনীত কৰিছে। মন্ত্ৰালয়ে ধ্ৰুপদী

অসমীয়া, ধ্ৰুপদী বাংলা,

ধ্ৰুপদী মাৰাঠী, ধ্ৰুপদী পালি আৰু ধ্ৰুপদী প্ৰাকৃত ভাষা

অধ্যয়নৰ বাবে পাঁচটা উৎকৰ্ষ কেন্দ্ৰ স্থাপনত অনুমোদন জনাইছে। ২০২৬ চনৰ ১ অক্টোবৰত

উচ্চ শিক্ষা বিভাগৰ ভাষা শাখাই জাৰি কৰা

এক কাৰ্যালয় স্মাৰকপত্ৰযোগে এই অনুমোদনৰ কথা সদৰী কৰে।

উল্লেখ্যে যে

তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত বিগত এটা দশকতকৈও অধিক কাল ধৰি চলি থকা

নিৰৱচ্ছিন্ন কাম-কাজৰ আধাৰতে এই উৎকৰ্ষ কেন্দ্ৰটো স্থাপন হ’বলৈ গৈ আছে।

২০১১ চনত স্থাপিত

‘অসমীয়া অধ্যয়ন কেন্দ্ৰ’ই (Centre for Assamese Studies) দুষ্প্ৰাপ্য সাঁচিপাতৰ পুথি, গুৰুত্বপূৰ্ণ অসমীয়া সাহিত্যিক কৃতিৰ

প্ৰাৰম্ভিক সংস্কৰণ, ব্যক্তিগত

দিনলিপি আৰু বিশিষ্ট সাহিত্যিক তথা সাংস্কৃতিক ব্যক্তিত্ব সকলৰ হাতেলিখা

পাণ্ডুলিপিকে ধৰি প্ৰায় ৪,০০০ পুৰণি

অসমীয়া পুথি আৰু মুদ্ৰিত গ্ৰন্থ ডিজিটেলকৰণৰ এক বৃহৎ প্ৰকল্প গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত

২০১৯ চনত স্থাপিত হোৱা অসমীয়া বিভাগে অসমীয়া অধ্যয়ন কেন্দ্ৰৰ এই সুবিধাসমূহ

নিজৰ অন্তৰ্ভুক্ত কৰি লয়।

নতুনকৈ স্থাপন হ’বলগীয়া এই উৎকৰ্ষ কেন্দ্ৰটোৱে

বিশ্ববিদ্যালয় খনৰ বৰ্তমানৰ শৈক্ষিক শক্তিক অধিক সুদৃঢ় কৰাৰ লগতে অসমীয়া ভাষা

আৰু সাহিত্যৰ ধ্ৰুপদী দিশসমূহৰ গৱেষণা সম্প্ৰসাৰিত কৰাৰ বাবে এক আনুষ্ঠানিক মঞ্চ

প্ৰদান কৰিব বুলি আশা কৰা হৈছে। পাণ্ডুলিপি অধ্যয়ন, পাঠ সমালোচনা, ডিজিটেলকৰণ, সংৰক্ষণ, গৱেষণা, অনুবাদ আৰু প্ৰসাৰকে ধৰি ইয়াৰ যি সমূহলক্ষ্য আৰু উদ্দেশ্য আছে সেইবোৰ তেজপুৰ

বিশ্ববিদ্যালয়ৰ ইতিমধ্যে থকা দক্ষতাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত ।

উল্লেখযোগ্য যে

২০২৪ চনৰ অক্টোবৰ মাহত ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান

কৰিছিল। ২০২৪ চনৰ ৩ অক্টোবৰত কেন্দ্ৰীয় কেবিনেটে এই মৰ্যাদাত অনুমোদন জনায় আৰু

ইয়াৰ পাছতে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে। এই ঐতিহাসিক

স্বীকৃতিৰ দুবছৰ পাছত তেজপুৰ বিশ্ববিদ্যালয়ত উৎকৰ্ষ কেন্দ্ৰ স্থাপন হোৱাটোৱে

অসমীয়া ভাষাৰ গৱেষণাক অধিক শক্তিশালী কৰাৰ লগতে ইয়াৰ চহকী পুথিগত আৰু সাংস্কৃতিক

ঐতিহ্যক অধ্যয়ন, সংৰক্ষণ তথা

ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুলভ কৰি তোলাৰ দিশত এক অন্যতম আনুষ্ঠানিক পদক্ষেপ হিচাপে

চিহ্নিত কৰিছে।

তেজপুৰ

বিশ্ববিদ্যালয়ৰ সম-উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে এই উল্লেখযোগ্য সাফল্যৰ

বাবে সমগ্ৰ তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালক অভিনন্দন জ্ঞাপন কৰে আৰু ধ্ৰুপদী

অসমীয়া অধ্যয়নৰ উৎকৰ্ষ কেন্দ্ৰ হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ক নিৰ্বাচিত কৰাৰ

বাবে শিক্ষা মন্ত্ৰালয়ৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande