সোণাপুৰত দিহা নামৰ কৰ্মশালা
গুৱাহাটী, ০৩ অক্টোবৰ (হি.স.)।সোণাপুৰত দিহা নামৰ কৰ্মশালা। ৩ হাজাৰ মহিলাৰ একেলগে দিহা নাম পৰিৱেশনৰ বৃহৎ পৰিকল্পনা। অসমীয়া জাতিৰ চহকী লোকসংস্কৃতিৰ অন্যতম পৰিচয় দিহা নামক বিশ্ব দৰবাৰত অধিক উজলাই তোলাৰ উদ্দেশ্যে একাংশ উদ্যমী অসমীয়া মহিলাই গ্ৰহণ কৰিছে
সোণাপুৰত দিহা নামৰ কৰ্মশালা


সোণাপুৰত দিহা নামৰ কৰ্মশালা


গুৱাহাটী, ০৩ অক্টোবৰ (হি.স.)।সোণাপুৰত দিহা নামৰ কৰ্মশালা। ৩ হাজাৰ মহিলাৰ একেলগে দিহা নাম পৰিৱেশনৰ বৃহৎ পৰিকল্পনা।

অসমীয়া জাতিৰ চহকী লোকসংস্কৃতিৰ অন্যতম পৰিচয় দিহা নামক বিশ্ব দৰবাৰত অধিক উজলাই তোলাৰ উদ্দেশ্যে একাংশ উদ্যমী অসমীয়া মহিলাই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। আজি আৰাধনা মহিলা সমিতিৰ সৌজন্যত সোণাপুৰত অনুষ্ঠিত হয় দিহা নামৰ এক বিশেষ কৰ্মশালা।

অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ অন্যতম বাহক দিহা নামৰ প্ৰচাৰ-প্ৰসাৰ আৰু সংৰক্ষণৰ লক্ষ্যৰে কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য জিলাৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলক লৈ ধাৰাবাহিকভাৱে দিহা নামৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

এই কৰ্মশালাৰ জৰিয়তে মহিলাসকলক দিহা নামৰ প্ৰশিক্ষণ প্ৰদান কৰি সুনিপুণ দিহা নামৰ আয়তী হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ পিছত প্ৰশিক্ষণপ্ৰাপ্ত প্ৰায় ৩ হাজাৰ আয়তীয়ে একে সময়তে একেলগে দিহা নাম পৰিৱেশন কৰি বিশ্বৰ সন্মুখত চহকী অসমীয়া সংস্কৃতি তুলি ধৰাৰ পৰিকল্পনা কৰিছে আয়োজকসকলে।

আয়োজকসকলৰ পৰিকল্পনা অনুসৰি, চলিত বৰ্ষৰ নৱেম্বৰ মাহত অথবা অহা বৰ্ষৰ জানুৱাৰী মাহত প্ৰশিক্ষণপ্ৰাপ্ত আয়তীসকলৰ বৃহৎ সমাৱেশ অনুষ্ঠিত কৰি একেলগে দিহা নাম পৰিৱেশন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande