
শোণিতপুৰ, ০৩ অক্টোবৰ (হি.স.)। তেজপুৰ মিলনপুৰ স্থিত ক্লিন’পলিচ নামৰ সাৰ প্ৰস্তুত ফেক্টৰীটোৰ প্ৰদূষিত পানীৰ ফলত কাষৰীয়া বিমলজানত মৃত্যু ঘটিছে প্ৰকাণ্ড প্ৰকাণ্ড বৰালী মাছকে ধৰি বিভিন্ন সৰু-বৰ মাছৰ৷ বৃহত্তৰ মিলনপুৰ অঞ্চলৰ মাজেৰে বৈ অহা প্ৰাকৃতিক জান বিমলজানত ক্লিনপলিচ নামৰ ফেক্টৰীটোৱে মুকলি কৰি দিয়া বিষাক্ত আৱৰ্জনাৰ লগতে ৰাসায়নিক পদাৰ্থৰ ফলত জানটোৰ পানী সম্পূৰ্ণৰূপে বিষাক্ত হৈ পৰে৷
ফলশ্ৰুতিত অসংখ্য মাছৰ মৃত্যু ঘটে৷ তাৰোপৰি, অঞ্চলটোৰ মুক্ত পশুধনে বিমলাজানতে পানী খাই, যাৰফলত বাৰুকৈয়ে চিন্তিত হৈ পৰে অঞ্চলবাসী৷ বিভিন্ন সময়ত ৰাইজে ফেক্টৰীটোক তেনে কাৰ্য নকৰিবলৈ অনুৰোধ জনাই অহাৰ পিছতো ৰাইজৰ অনুৰোধৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰাত অতীষ্ঠ হৈ স্থানীয় ৰাইজে ফেক্টৰীটোৰ পৰিচালক তথা কৰ্মচাৰীক জৱাবদিহি কৰে৷ স্থানীয় ৰাইজে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিয়ন্ত্ৰণত নথকা ফেক্টৰীটোৰ বিৰুদ্ধে জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷ অন্যথা জনজীৱনৰ প্ৰতি ভাবুকি হৈ পৰা ফেক্টৰীটো ৰাইজে বন্ধ কৰি দিবলৈ বাধ্য হ'ব বুলি আজি সকিয়াই দিছে৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ