
শোণিতপুৰ, ০৩ অক্টোবৰ (হি.স.)। তিনিচুকীয়া জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ৰূপাই শতদল শাখা সাহিত্য সভাৰ আতিথ্যত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় ধ্ৰুপদী ভাষা দিৱসটো ৩ অক্টোবৰ তাৰিখে ৰূপাই শাখা সাহিত্য সভাৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়। পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত কৰা বক্তৃতা প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
দিনৰ ২ বজাত অনুষ্ঠিত হোৱা মুকলি সভাখন সভাপতিত্বত কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি লম্বেশ্বৰ চেতিয়াই।
তিনিচুকীয়া জিলা সাহিত্য সভাৰ সম্পাদক অৰূপ কুমাৰ চাংমাইয়ে আঁত ধৰা সভাখন উদ্বোধন কৰে জিলা উপ সভাপতি চন্দ্ৰ কুমাৰ বৰুৱাই। আদৰণি ভাষণ প্ৰদান কৰে ৰূপাই শাখাৰ সভাপতি বেণু বৰাই। নিৰ্দিষ্ট বক্তা বীৰ ৰাঘৰ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ প্ৰণীতা নেওগে ধ্ৰুপদী অসমীয়া ভাষা বিষয়ে এটি সুন্দৰ বক্তৃতা প্ৰদান কৰে। সভাৰ মুখ্য অতিথি তথা অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে ভাষা সাহিত্য সংস্কৃতিৰ গুৰুত্ব সম্পৰ্কে বক্তৃতা প্ৰদান কৰি এটা জাতিৰ জাতিয়ত্ব ৰক্ষা কৰে ভাষাই ৰক্ষা কৰে বুলি কয়।
অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই বিশিষ্ট অতিথিৰ আসনৰ পৰা এটা সুন্দৰ বক্তৃতা আগবঢ়ায়। সভাত উপস্থিত থাকে ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক সুনীল কুমাৰ গুৰুং, তিনিচুকীয়া জিলা প্ৰতিনিধি মোহন মৰাণ, অসম সাহিত্য সভাৰ প্ৰচাৰ উপ-সমিতিৰ উপ সভাপতি পুলক কুমাৰ গগৈ, অসম সাহিত্য সভাৰ পৰিবেশ্য কলা উপ সমিতিৰ আহ্বায়ক চৈয়দ মাৰুক হুছেইন, তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অৰ্জ্জুন বৰুৱা, প্ৰাক্তন সম্পাদক শৰৎচন্দ্ৰ চিৰিংফুকন ৰ উপৰিও জিলাখনৰ বহু গণ্য মান্য ব্যক্তি । সভাত বক্তৃতা প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয়।শলাগৰ শৰাই আগবঢ়ায় ৰূপাই শাখাৰ সম্পাদক ৰাতুল গগৈয়ে। জাতীয় সংগীত সভাৰ কাৰ্যসূচী সামৰণি পৰে
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ