
গুৱাহাটী, ২৮ অক্টোবৰ (হি.স.)। ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে দেশজুৰি এটাৰ পিছত এটাকৈ নিৰ্বাচনত পৰাজয়ৰ সম্মুখীন হৈ অহাৰ সময়তে অসম প্রদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে নগাঁও লোকসভা উপ-নির্বাচন আৰু শিলচৰ পৌৰসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইভিএম আৰু নির্বাচন আয়োগক দোষাৰোপ কৰাটো কংগ্ৰেছৰ ৰাজনৈতিক হতাশা আৰু নেতৃত্বৰ ব্যৰ্থতাৰ প্ৰতিফলন। নিজৰ সাংগঠনিক দুর্বলতা আৰু জনসাধাৰণৰ মাজত হ্রাস পোৱা আস্থাৰ কাৰণ বিশ্লেষণ কৰাৰ পৰিৱৰ্তে নির্বাচনী ব্যৱস্থাক প্রশ্নবিদ্ধ কৰাটো দায়িত্বশীল ৰাজনীতিৰ পৰিপন্থী। এই মন্তব্য ৰাজ্যিক বিজেপিৰ।
বিজেপি, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা মিডিয়া পেনেলিষ্ট ৰণীশা দত্তই সংবাদ মাধ্যমলৈ প্রেৰণ কৰা প্ৰেছ বিবৃতি কয় যে গণতন্ত্ৰত জয়-পৰাজয় এক স্বাভাবিক প্রক্রিয়া। নির্বাচনী ফলাফল নিজৰ পক্ষত নাহিলে ইভিএম আৰু নির্বাচন আয়োগক দোষাৰোপ কৰাটো কোনো দায়িত্বশীল ৰাজনৈতিক দলৰ বাবে গ্রহণযোগ্য হ'ব নোৱাৰে। নির্বাচনী প্রক্রিয়াৰ সন্দর্ভত নির্দিষ্ট অভিযোগ থাকিলে তথ্য-প্রমাণৰ ভিত্তিত উপযুক্ত সাংবিধানিক আৰু আইনী ব্যৱস্থাৰ আশ্রয় লোৱাটো প্রতিটো দলৰ অধিকাৰ। কিন্তু প্রমাণ অবিহনে নির্বাচনী ব্যৱস্থাক প্রশ্নবিদ্ধ কৰি জনসাধাৰণৰ মাজত বিভ্রান্তি সৃষ্টি কৰাটো গণতান্ত্রিক মূল্যবোধৰ পৰিপন্থী।
যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত গৌৰৱ গগৈৰ বাবে নগাঁও আৰু শিলচৰৰ নিৰ্বাচন ৰাজনৈতিকভাবে তাৎপর্যপূর্ণ। এনে পৰিস্থিতিত আগতীয়াকৈ ইভিএমক দোষাৰোপ কৰাৰ পৰিৱৰ্তে কংগ্ৰেছ নেতৃত্বই নিজৰ সাংগঠনিক স্থিতি, দলীয় ঐক্য আৰু জনভিত্তি শক্তিশালী কৰাত গুৰুত্ব দিয়া উচিত। লোকসভা নির্বাচনত লাভ কৰা সফলতাই ৰাজ্যৰ সকলো অঞ্চলতে জনসমর্থন নিশ্চিত নকৰে। ভোটাৰে প্রতিটো নির্বাচনতে দলৰ নীতি, নেতৃত্ব আৰু কৰ্মদক্ষতাৰ ভিত্তিত সিদ্ধান্ত গ্রহণ কৰে।
ৰাহুল গান্ধীৰ নেতৃত্বক লৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ মাজত বিভিন্ন সময়ত প্রকাশ পোৱা মতামতেও দলটোৰ নেতৃত্ব আৰু ভৱিষ্যৎ ৰাজনৈতিক কৌশলক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে। কংগ্ৰেছৰ বাবে এতিয়া প্রয়োজন হৈছে আত্মসমালোচনা, সাংগঠনিক সংস্কাৰ আৰু জনসাধাৰণৰ আস্থা পুনৰ অৰ্জন কৰা। দলৰ অভ্যন্তৰত থকা মতানৈক্য আৰু নেতৃত্বক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অসন্তুষ্টিৰ বিষয়সমূহকো গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত।
ইয়াৰ বিপৰীতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক পদক্ষেপ আৰু বিজেপিৰ তৃণমূল পৰ্যায়ৰ সাংগঠনিক তৎপৰতাই দলটোক জনসাধাৰণৰ সৈতে সংযোগ অধিক শক্তিশালী কৰাৰ সুযোগ প্রদান কৰিছে। গণতন্ত্ৰত ভোটাৰৰ ৰায়েই সর্বোচ্চ। কোনো দলে জনসমর্থন হেৰুৱালে তাৰ কাৰণ বিচাৰি আত্মসমালোচনা কৰাটোহে দায়িত্বশীল ৰাজনীতিৰ পৰিচায়ক।
কংগ্রেছ নেতৃত্বই উপলব্ধি কৰা উচিত যে অভিযোগৰ ৰাজনীতিৰে হেৰুওৱা জনসমর্থন পুনৰ লাভ কৰিব নোৱাৰি। নির্বাচনী পৰাজয়ৰ পৰা শিক্ষা গ্রহণ, সাংগঠনিক দুৰ্বলতা দূৰ কৰা আৰু জনসাধাৰণৰ আশা-আকাংক্ষাৰ প্রতি দায়বদ্ধতা প্ৰদৰ্শন কৰাটোহে দলটোৰ বাবে প্রকৃত প্রত্যাহ্বান। গণতান্ত্রিক প্রতিষ্ঠানসমূহৰ প্রতি আস্থা বজাই ৰখা আৰু জনতাৰ ৰায়ক সন্মান জনোৱাটোৱেই সুস্থ গণতন্ত্ৰৰ মূল আধাৰ বুলি মিডিয়া পেনেলিষ্ট বণীশা দত্তই প্রেছ বিবৃতিটোত উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ