বৰাক উপত্যকাত স্বাস্থ্যসেৱাৰ মান উন্নয়নত গুৰুত্ব স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
শিলচৰ চিকিৎসা মহাবিদ্যালয়, কেন্সাৰ কেন্দ্ৰ আৰু অসামৰিক চিকিৎসালয় পৰিদৰ্শন; কাছাৰ জিলাৰ স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কাছাৰ, ২৮ অক্টোবৰ (হি.স.): অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে বৰাক উপত্যকাৰ দুদিনীয়া
Assam Health Minister Ashok Singhal Reviewing Healthcare Services in Barak Valley.


- শিলচৰ চিকিৎসা মহাবিদ্যালয়, কেন্সাৰ কেন্দ্ৰ আৰু অসামৰিক চিকিৎসালয় পৰিদৰ্শন; কাছাৰ জিলাৰ স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা

কাছাৰ, ২৮ অক্টোবৰ (হি.স.): অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে বৰাক উপত্যকাৰ দুদিনীয়া ভ্ৰমণৰ দ্বিতীয় দিনা আজি শিলচৰৰ বিভিন্ন চিকিৎসা প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ লগতে কাছাৰ জিলাৰ স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে। এই ভ্ৰমণৰ সময়ত চিকিৎসা সেৱাৰ মান উন্নয়ন, স্বাস্থ্য আন্তঃগাঁথনিৰ শক্তিশালীকৰণ আৰু ৰোগীসকলৰ বাবে উন্নত চিকিৎসা সেৱা নিশ্চিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

দিনটোৰ কাৰ্যসূচীৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে শিলচৰৰ সতীন্দ্ৰ মোহন দেৱ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি বিভিন্ন বিভাগৰ কাম-কাজৰ বুজ লয়। চিকিৎসালয়খনত চিকিৎসাধীন ৰোগীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ চিকিৎসা, উপলব্ধ সা-সুবিধা আৰু বিভিন্ন সমস্যাৰ বিষয়ে বুজ লয়। ৰোগীসকলে যাতে সময়মতে উপযুক্ত চিকিৎসা লাভ কৰে, তাৰ বাবে চিকিৎসালয়খনৰ সেৱা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনস্থ শিলচৰ কেন্সাৰ কেন্দ্ৰ পৰিদৰ্শন কৰে। কেন্দ্ৰটোৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰি কৰ্কট ৰোগীসকলক প্ৰদান কৰা চিকিৎসা সেৱাৰ বুজ লোৱাৰ লগতে চিকিৎসাধীন ৰোগীসকলৰ সৈতে মত বিনিময় কৰে। এই সময়ছোৱাত ৰোগীসকলৰ মনোবল বৃদ্ধিৰ উদ্দেশ্যে তেওঁলোকৰ মাজত ফলমূল বিতৰণ কৰা হয়।

মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি বিভিন্ন বিভাগৰ কাম-কাজ আৰু চিকিৎসা সেৱাৰ পৰিস্থিতি পৰ্যালোচনা কৰে। লগতে মাতৃ আৰু শিশু চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন কৰি মাতৃ আৰু শিশুৰ বাবে উপলব্ধ চিকিৎসা সেৱা আৰু সা-সুবিধাসমূহৰ বুজ লয়। মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষা তথা তেওঁলোকৰ বাবে উন্নত চিকিৎসা সেৱা নিশ্চিত কৰাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰা হয়।

ইয়াৰ উপৰি শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে কাছাৰ জিলাৰ স্বাস্থ্য বিভাগৰ সামগ্ৰিক কাম-কাজৰ পৰ্যালোচনা কৰা হয়। জিলাখনৰ বিভিন্ন স্বাস্থ্য সূচক, স্বাস্থ্যসেৱাৰ অগ্ৰগতি, চিকিৎসা আন্তঃগাঁথনি আৰু চৰকাৰী স্বাস্থ্য আঁচনিসমূহৰ ৰূপায়ণৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। জনসাধাৰণে যাতে সময়মতে উন্নত, সহজলভ্য আৰু গুণগত স্বাস্থ্যসেৱা লাভ কৰে, তাৰ বাবে স্বাস্থ্য বিভাগৰ কাম-কাজৰ নিয়মীয়া পৰ্যালোচনাৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয়।

এই কাৰ্যসূচীসমূহত কেবিনেট সতীৰ্থ কৌশিক ৰায়, কাটিগড়া বিধানসভা সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, বৰখলা বিধানসভা সমষ্টিৰ বিধায়ক কিশোৰ নাথ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মণন এছ, কাছাৰ জিলাৰ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ অভিজিৎ স্বামীৰ লগতে স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে।

বৰাক উপত্যকাৰ এই ভ্ৰমণৰ জৰিয়তে চৰকাৰী চিকিৎসালয়সমূহৰ সেৱাৰ মান উন্নয়ন, কৰ্কট ৰোগৰ চিকিৎসা সেৱা শক্তিশালীকৰণ, মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষা আৰু জিলা পৰ্যায়ৰ স্বাস্থ্য ব্যৱস্থাৰ উন্নয়নৰ বিভিন্ন দিশত গুৰুত্ব দিয়া হয়। ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ জনসাধাৰণে যাতে উন্নত আৰু গুণগত চিকিৎসা সেৱা লাভ কৰে, সেই লক্ষ্যৰে স্বাস্থ্য বিভাগৰ আন্তঃগাঁথনি আৰু সেৱা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ প্ৰয়াস অব্যাহত আছে।

------------

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande