খেল মহাকুম্ভত আদানী স্প’ৰ্টছলাইনৰ খুছ পাৰিখৰ স্বৰ্ণ, শ্ৰীজা শ্বাহৰ ব্ৰঞ্জৰ পদক লাভ
আহমেদাবাদ, ২৮ অক্টোবৰ (হি.স.)। জিলা পৰ্যায়ৰ খেল মহাকুম্ভ ২০২৬ত আদানী স্প’ৰ্টছলাইন টেনিছ একাডেমীৰ খেলুৱৈ খুছ পাৰিখ আৰু শ্ৰীজা শ্বাহে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল । খুছে ১৪ বছৰ অনুৰ্ধৰ বালিকা একক খিতাপ দখল কৰি স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে ১৪ বছৰ অনুৰ্ধ
खुश पारिख


আহমেদাবাদ, ২৮ অক্টোবৰ (হি.স.)। জিলা পৰ্যায়ৰ খেল মহাকুম্ভ ২০২৬ত আদানী স্প’ৰ্টছলাইন টেনিছ একাডেমীৰ খেলুৱৈ খুছ পাৰিখ আৰু শ্ৰীজা শ্বাহে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল । খুছে ১৪ বছৰ অনুৰ্ধৰ বালিকা একক খিতাপ দখল কৰি স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে ১৪ বছৰ অনুৰ্ধৰ বালিকা একক শাখাত তৃতীয় স্থান দখল কৰি ব্ৰঞ্জৰ পদক ঘৰলৈ লৈ যায়।

২০২৬ চনৰ ২০ এপ্ৰিলত শ্ৰীজাই একাডেমীত যোগদান কৰে । তাৰ পিছত জুলাই মাহত গুজৰাট ৰাজ্যিক টেনিছ এছ’চিয়েশ্যনৰ প্ৰতিযোগিতাত ১৪ বছৰ অনুৰ্ধ আৰু ১৬ বছৰ অনুৰ্ধৰ ছোৱালীৰ একক খিতাপ দখল কৰে । এতিয়া তেওঁৰ দৃষ্টি ২০২৭ চনত অনুষ্ঠিত হ’বলগীয়া ১৪ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ ওপৰত।তেওঁৰ দীৰ্ঘম্যাদী লক্ষ্য হৈছে ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰা ।

ইফালে, ২০২৫ চনৰ আগষ্ট মাহত একাডেমীত যোগদান কৰা খুছ পাৰিখে শেহতীয়াকৈ গুজৰাটৰ ভৱনগৰৰ মমতা টেনিছ একাডেমীত অনুষ্ঠিত অল ইণ্ডিয়া ৰেংকিং চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ টুৰ্ণামেণ্ট ২০২৬ত ১৪ বছৰ অনুৰ্ধ বয়ছ ডাবলছ শাখাত ৰানাৰ্ছ আপৰ স্থান দখল কৰে। ১৪ বছৰ অনুৰ্ধ একক শাখাৰ ছেমি ফাইনেলতো প্ৰৱেশ কৰে।

২০২৫ চনত স্কুল গেমছ নেচনেল চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰা, বদোদৰাত অনুষ্ঠিত অল ইণ্ডিয়া টেনিছ এছ’চিয়েশ্যন চেম্পিয়নশ্বিপ ছিৰিজ টুৰ্ণামেণ্টত ১৪ বছৰ অনুৰ্ধ ডাবলছ শাখাত ৰানাৰ্ছ আপ হোৱা, গুজৰাট ষ্টেট টেনিছ এছ’চিয়েশ্যন ৰেংকিং টুৰ্ণামেণ্টত খিতাপ অৰ্জন কৰা খুছৰ আন আন সফলতা।

দুয়োগৰাকী খেলুৱৈয়ে একাডেমীৰ প্ৰশিক্ষক দলৰ নিৰ্দেশনাত অনুশীলন কৰি আছে। তেওঁলোকৰ প্ৰশিক্ষণত শ্বট কৌশল, ভৰিৰ গতি, বল স্থাপন, ধাৰাবাহিকতা, আৰু মেচ কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

খেল মহাকুম্ভত পদক লাভ কৰাৰ পিছত এতিয়া খুছ আৰু শ্ৰীজাই আগন্তুক প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব। আদানি স্প’ৰ্টছলাইন টেনিছ একাডেমীয়ে যুৱ খেলুৱৈসকলক বিশেষজ্ঞ প্ৰশিক্ষণ, অত্যাধুনিক সুবিধা, আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰে।

------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande