একেখন মেচতে শতক তথা ৫টা উইকেট দখল কৰি ইতিহাসৰ সৃষ্টি কৰিলে মুছিৰ খান
মুম্বাই, ২৮ অক্টোবৰ (হি.স.)। হাৰিয়ানাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফী ২০২৬-২৭ৰ খেলখনত বুধবাৰে মুছিৰ খানে এক সুন্দৰ অল ৰাউণ্ড প্ৰদৰ্শনেৰে ইতিহাস ৰচনা কৰে। এই শতকত একেখন প্ৰথম শ্ৰেণীৰ মেচতে শতক অৰ্জন কৰা আৰু ৫টা উইকেট দখল কৰা মুম্বাইৰ প্ৰথমজন খেলুৱৈ হিচাপে পৰ
मुशीर खान


মুম্বাই, ২৮ অক্টোবৰ (হি.স.)। হাৰিয়ানাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফী ২০২৬-২৭ৰ খেলখনত বুধবাৰে মুছিৰ খানে এক সুন্দৰ অল ৰাউণ্ড প্ৰদৰ্শনেৰে ইতিহাস ৰচনা কৰে। এই শতকত একেখন প্ৰথম শ্ৰেণীৰ মেচতে শতক অৰ্জন কৰা আৰু ৫টা উইকেট দখল কৰা মুম্বাইৰ প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়। তেওঁৰ পূৰ্বে ১৯৯০-৯১ ছিজনত মধ্যপ্ৰদেশৰ বিৰুদ্ধে এই কৃতিত্ব অৰ্জন কৰিছিল ৰবি শাস্ত্ৰীয়ে।

মুছিৰৰ এই প্ৰদৰ্শনে মেচখনত মুম্বাইক শক্তিশালী স্থানত ৰাখিছিল। প্ৰথমে বেটিং কৰি তেওঁ ১৮৫টা বলত ১০৯ ৰান সংগ্ৰহ কৰে। তেওঁৰ শতকৰ লগতে অংকৃশ ৰঘুবংশীৰ ১৮০ বলত ১১৪ ৰান সংগ্ৰহ কৰি মুম্বাইয়ে ৪৩০ ৰান সংগ্ৰহ কৰাত সহায় কৰে।

ইয়াৰ পিছতে মুছিৰ খানে বলৰ সৈতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। তেওঁ ৫২ ৰানত ৫টা উইকেট দখল কৰি দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত ৫ উইকেটত ১৯১ ৰানত সংগ্ৰাম কৰিবলগীয়া হয় হাৰিয়ানাই।

মুছিৰ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ তথা চেন্নাই ছুপাৰ কিংছৰ বেটছমেন সৰফৰাজ খানৰ ভাতৃ।

মুম্বাইৰ হৈ একেখন খেলতে শতক অৰ্জন কৰি ৫টা উইকেট দখল কৰা খেলুৱৈ

- মদন ৰাইজী: মহাৰাষ্ট্ৰৰ বিৰুদ্ধে, বম্বে, ১৯৪৭-৪৮ ছিজন

- দত্তু ফাডকাৰ: মাদ্ৰাজৰ বিৰুদ্ধে, মাদ্ৰাজ, ১৯৪৮-৪৯ ছিজন

- ভিনু মানকাদ: মাদ্ৰাজৰ বিৰুদ্ধে, বম্বে, ১৯৫৩-৫৪ ছিজন

- পলি উমৰিগাৰ: মহাৰাষ্ট্ৰৰ বিৰুদ্ধে, পুনে, ১৯৫৭-৫৮ ছিজন

- ৰবি শাস্ত্ৰী: মধ্য প্ৰদেশ, ইন্দোৰৰ বিৰুদ্ধে, ১৯৯০-৯১ ছিজন

- মুছিৰ খান: হাৰিয়ানাৰ বিৰুদ্ধে, মুম্বাই, ২০২৬-২৭ ছিজন

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande