
গুৱাহাটী, ২৮ অক্টোবৰ (হি.স.)। আজি সুনীল কৌশিক, কমাণ্ডেণ্ট, প্ৰথম বাহিনী, সশস্ত্ৰ সীমা বল, সোণাপুৰৰ মাৰ্গদৰ্শনত প্ৰথম বাহিনীৰ “ই” কোম্পানী, লোকৰা, “এফ” কোম্পানী, গোলাঘাট, “জি” কোম্পানী, হোজাই আৰু বাহিনী মুখ্য কাৰ্যালয়ৰ কাৰ্যক্ষেত্ৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ত সতৰ্কতা সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
ইয়াৰ উপৰি, “বি” কোম্পানী, ৰৌতা আৰু “জি” কোম্পানী, হোজাইৰ কাৰ্যক্ষেত্ৰত “বেটী বচাও বেটী পঢ়াও” আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহত (চিএপিএফ) মহিলাৰ নিযুক্তি সম্পৰ্কীয় সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীসমূহৰ উদ্দেশ্য আছিল কন্যা শিশুৰ শিক্ষা, মহিলা সৱলীকৰণ আৰু মহিলাসকলক কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত যোগদান কৰি দেশৰ সেৱা কৰিবলৈ উৎসাহিত কৰা।
সতৰ্কতা সজাগতা কাৰ্যসূচীসমূহ “সততাৰে সমৃদ্ধি” বিষয়বস্তুৰ আধাৰত অনুষ্ঠিত কৰা হয়। ইয়াৰ মূল উদ্দেশ্য আছিল ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজৰ মাজত সতৰ্কতা, সততা, স্বচ্ছতা আৰু নৈতিক মূল্যবোধৰ বিষয়ে সজাগতা সৃষ্টি কৰা তথা দুৰ্নীতিমুক্ত সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে উৎসাহিত কৰা।
কাৰ্যসূচীৰ সময়ত অংশগ্ৰহণকাৰীসকলক দৈনন্দিন জীৱনত সততা আৰু নৈতিকতা বজাই ৰাখিবলৈ, দুৰ্নীতিৰ বিৰুদ্ধে সজাগ হৈ থাকিবলৈ আৰু সমাজত স্বচ্ছতা তথা দায়বদ্ধতাৰ মনোভাৱ গঢ়ি তুলিবলৈ আহ্বান জনোৱা হয়। লগতে “সততা আঁকোৱালি লওক, দুৰ্নীতি নিৰ্মূল কৰক” শ্লোগানৰ জৰিয়তে সকলোকে দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ দিশত অৱদান আগবঢ়াবলৈ উৎসাহিত কৰা হয়।
আনহাতে, “বেটী বচাও বেটী পঢ়াও” কাৰ্যসূচীৰ জৰিয়তে কন্যা শিশুৰ শিক্ষা, সুৰক্ষা আৰু সৱলীকৰণৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰা হয়। লগতে মহিলাসকলক কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহত (চিএপিএফ) নিযুক্তিৰ সুযোগ গ্ৰহণ কৰি দেশৰ নিৰাপত্তা আৰু ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়াবলৈ উৎসাহিত কৰা হয়। এই কাৰ্যসূচীসমূহত সশস্ত্ৰ বাহিনীত মহিলাসকলৰ বাবে থকা কেৰিয়াৰৰ সুযোগ, তেওঁলোকৰ ভূমিকা আৰু দেশ তথা সমাজৰ প্ৰতি তেওঁলোকৰ অৱদানৰ বিষয়ে সজাগতা সৃষ্টিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।
এই কাৰ্যসূচীসমূহৰ জৰিয়তে প্ৰথম বাহিনী, সশস্ত্ৰ সীমা বল, সোণাপুৰে সততা, স্বচ্ছতা, কন্যা শিশুৰ শিক্ষা আৰু মহিলা সৱলীকৰণৰ প্ৰসাৰৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰে। লগতে এখন সমৃদ্ধিশালী, সমতাপূৰ্ণ আৰু দুৰ্নীতিমুক্ত সমাজ গঢ়ি তোলাৰ বাৰ্তা প্ৰচাৰ কৰা হয়।
---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ