বৰপেটাৰ হাউলীৰ জয়পুৰত দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ উদ্ধাৰ
বৰপেটা, ২৮ অক্টোবৰ (হি.স.)। বৰপেটাৰ হাউলীৰ জয়পুৰত এক দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ উদ্ধাৰ। মাছ মাৰিবলৈ যোৱা এজন যুৱকৰ মাছ ধৰা জালত আৱদ্ধ দুষ্প্ৰাপ্য কাছটো । উদ্ধাৰ কৰা কাছটোৰ ওজন প্ৰায় ৭ কিলোগ্ৰাম হ’ব বুলি অনুমান কৰা হৈছে । যুৱকজনে কাছটো উদ্ধাৰ কৰ
বৰপেটাৰ হাউলীৰ জয়পুৰত দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ উদ্ধাৰ


বৰপেটা, ২৮ অক্টোবৰ (হি.স.)। বৰপেটাৰ হাউলীৰ জয়পুৰত এক দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ উদ্ধাৰ।

মাছ মাৰিবলৈ যোৱা এজন যুৱকৰ মাছ ধৰা জালত আৱদ্ধ দুষ্প্ৰাপ্য কাছটো ।

উদ্ধাৰ কৰা কাছটোৰ ওজন প্ৰায় ৭ কিলোগ্ৰাম হ’ব বুলি অনুমান কৰা হৈছে ।

যুৱকজনে কাছটো উদ্ধাৰ কৰাৰ পিছতেই স্থানীয় বন বিভাগক খবৰ দিয়ে।

খবৰ পোৱাৰ লগে লগে বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ কাছটো চমজি লয়।

বন বিভাগৰ তৰফৰ পৰা জনোৱা মতে, সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষাৰ অন্তত দুষ্প্ৰাপ্য কাছটোক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষিত বনাঞ্চলত পুনৰ মুকলি কৰি দিয়া হ’ব। যুৱকজনৰ এই সজাগতা আৰু বনপ্ৰাণী সুৰক্ষাৰ প্ৰতি দেখুওৱা দায়িত্ববোধক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande