
-ৰে’লৱে ঐতিহ্যৰ সংৰক্ষণৰ লগতে এই অঞ্চলৰ থলুৱা খেলক পুনৰুজ্জীৱিতকৰণ
গুৱাহাটী, ২৮ অক্টোবৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে আমিনগাঁওস্থিত পুৰণি ৰে’লৱে ষ্টেচনৰ ঐতিহ্যমণ্ডিত স্থানত এটা পৰম্পৰাগত ক্ৰীড়া কেন্দ্ৰ উদ্বোধন কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সংস্থাৰ (এনএফআৰএছএ)উদ্যোগত বিকশিত কৰা এনেধৰণৰ পোন প্ৰথমবাৰৰ বাবে ব্যতিক্ৰমী এই কেন্দ্ৰটোৱে এক ঐতিহ্যবাহী ৰে’লৱে প্লেটফৰ্মক থলুৱা খেলধেমালীসমূহৰ বাবে এক বিশেষ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ লগতে ইয়াৰ জৰিয়তে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বিকাশৰ লগতে ঐতিহ্য সংৰক্ষণৰ দৃষ্টিভংগীকেই প্ৰতিফলিত কৰিছে।
এনএফআৰৰ চিপিআৰঅ’ কপিঞ্জল কিশোৰ শৰ্মাই আজি কয় যে ২৭ অক্টোবৰৰ শেষৰ ফালে এনএফআৰৰ জেনেৰেল মেনেজাৰে এই ক্ৰীড়া কেন্দ্ৰটো উদ্বোধন কৰে।এই কেন্দ্ৰটোৱে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত খেলধেমালীসমূহৰ যেনে ধোপখেল, টাং-গুটি, পেংখেল, কড়ি-খেল, ৰছী-টনা, মণিপুৰৰ মুকনা আৰু য়ুবি লাকপি, তথা মিজোৰামৰ ইনছুকনাউম আদি খেল অন্তৰ্ভুক্তিৰে এইসমূহৰ প্ৰসাৰত সহায় কৰিব। অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীয় পৰম্পৰাৰ সৈতে গভীৰভাৱে জড়িত হৈ থকা এই খেলসমূহে শাৰীৰিক দক্ষতা, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জীৱন-সংগ্ৰামৰ কৌশলক উদযাপন কৰে। আনহাতে আধুনিকীকৰণ, ডিজিটেলকৰণ আৰু মূলসুঁতিৰ বাণিজ্যিক ক্ৰীড়াৰ বৰ্ধিত প্ৰভাৱৰ ফলত এই খেলসমূহত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমাৎ হ্ৰাস হৈ আহিছে।
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ক্ৰীড়া সংস্থাই এই কেন্দ্ৰত পৰম্পৰাগত ক্ৰীড়া কাৰ্যসূচীৰ আয়োজন কৰাৰ লগতে থলুৱা খেলসমূহ সংৰক্ষণৰ দিশত কাম কৰা বিভিন্ন সংস্থাৰ সৈতে সমন্বয় স্থাপনৰ পৰিকল্পনা কৰিছে। এই কেন্দ্ৰটোৱে পৰম্পৰাগত খেলসমূহৰ পুনৰুজ্জীৱনৰ বাবে এক নিৰ্দিষ্ট স্থান প্ৰদান কৰি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা আৰু ক্ৰীড়া অনুষ্ঠানৰ আয়োজনৰ সুবিধাক সক্ষম কৰি তুলিব।
এই উপলক্ষে নিজৰ মতামত ব্যক্ত কৰি মহাপ্ৰবন্ধকগৰাকীয়ে শিশু আৰু ক্ৰীড়াবিদসকলৰ সক্ৰিয় ব্যৱহাৰৰ জৰিয়তে এই ঐতিহ্যমণ্ডিত ষ্টেচনটোৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰেলৱে ক্ৰীড়া সংস্থাৰ পদক্ষেপৰ শলাগ লয়। তেওঁ আশা প্ৰকাশ কৰে যে এই কেন্দ্ৰটোৱে ভৱিষ্যৎ প্ৰজন্মৰ বাবে ঐতিহ্যবাহী স্থানত সংৰক্ষণ কৰাৰ লগতে পৰম্পৰাগত খেলধেমালীসমূহৰ পুনৰুজ্জীৱিত কৰি তুলিব আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গঢ়ি তোলাত সহায় কৰিব।
১৯০৮ চনত স্থাপিত পুৰণি আমিনগাঁও ৰে’লৱে ষ্টেচনটো ভাৰতৰ স্বাধীনতাৰ পূৰ্বে গুৱাহাটী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ এক গুৰুত্বপূৰ্ণ প্ৰৱেশদ্বাৰ আছিল। প্ৰায় আধা কিলোমিটাৰ দীঘল আৰু ২৫ মিটাৰ বহল একমাত্ৰ প্লেটফৰ্মটোৱে পূৰ্বৰ অসম-বংগ ৰে’লৱেৰ অধীনত এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক আৰু সামগ্ৰীৰ স্থানান্তৰ কেন্দ্ৰ হিচাপে সেৱা আগবঢ়াই আহিছে। ঐতিহাসিক অসম মেইল ৰে’লযোগে চাহ বাগিচাৰ মালিক, মিছনেৰী, ব্যৱসায়ী, স্বাধীনতা সংগ্ৰামী আৰু যাত্ৰীসকলক এই ষ্টেচনলৈ লৈ আহিছিল আৰু ইয়াৰ পৰাই ফেৰীযোগে ব্ৰহ্মপুত্ৰ পাৰ হৈছিল।
এই ষ্টেচনটোৰ সৈতে ভাৰতৰ স্বাধীনতা আন্দোলনৰো গভীৰ সম্পৰ্ক আছে। অতি আপোনভাৱে ‘বাপু’ বুলি স্মৰণ কৰা মহাত্মা গান্ধীয়ে ১৯২১, ১৯২৬, ১৯৩৪ আৰু ১৯৪৬ চনত অসম ভ্ৰমণৰ সময়ত এই ষ্টেচনৰ মাজেৰে অতিক্ৰম কৰিছিল। ১৯২১ চনৰ অসহযোগ আন্দোলনৰ সময়ত তেওঁৰ সৈতে দেশভক্ত তৰুণ ৰাম ফুকনেও যাত্ৰা কৰিছিল। তৰুণ ৰাম ফুকনৰ দ্বাৰা গান্ধীজীৰ ভাষণসমূহৰ অনুবাদে হাজাৰ হাজাৰ লোকক অনুপ্ৰাণিত কৰিছিল। আনহাতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো ব্ৰিটিছ আৰু আমেৰিকাৰ সামৰিক জোৱানসকলে এই ষ্টেচনৰ মাজেৰে ভ্ৰমণ কৰিছিল।
পূৰ্ব বংগ ৰে’লৱেৰ আমিনগাঁও–পাণ্ডু ট্ৰেইন ফেৰীয়ে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত সংযোগ স্থাপন কৰি বিশেষভাৱে নিৰ্মিত বাৰ্জৰ জৰিয়তে সম্পূৰ্ণ ৰে’ল আৰু সামগ্ৰী কঢ়িয়াই আনিছিল লগতে প্ৰতিটো দিশত দৈনিক ২৫০ খন পৰ্যন্ত ৱাগনৰ পৰিচালন কৰিছিল। ইয়াৰ জৰিয়তে তদানীন্তন পূৰ্ব বংগৰ লালমনিৰহাটৰ দিশে কাউনিয়া–ধৰলা পথৰ মাজেৰে বিস্তৃত হৈ থকা ৰে’লৱে নেটৱৰ্কৰ সৈতে সংযোগ স্থাপন কৰা হৈছিল। ৭ জুন, ১৯৬৩ তাৰিখে এই ষ্টেচনলৈ অন্তিমখন ৰে’ল আহিছিল আৰু ইয়াৰ পৰৱৰ্তী দিনাই, অৰ্থাৎ ৮ জুন, ১৯৬৩ তাৰিখে শৰাইঘাট সেতুৰ ওপৰেৰে ৰে’ল চলাচল আৰম্ভ হোৱাত ফেৰীৰ সৈতে সংযুক্ত হৈ থকা এই ৰে’ল পৰিবহণৰ এটা যুগৰ অৱসান ঘটে।
এই ঐতিহাসিক পৰিৱেশত পৰম্পৰাগত খেলধেমালীসমূহক স্থান দিয়াৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেই উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’লৱে ঐতিহ্য আৰু থলুৱা ক্ৰীড়া পৰম্পৰা—উভয়কে সংৰক্ষণ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে।
---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ