
হোজাই, ২৮ অক্টোবৰ (হি.স.)। লংকাত শিশু সুৰক্ষা গোটৰ অভিযান।
অভিযানত লংকাৰ উদালী আৰু ফুলতলী অঞ্চলৰ কেইবাখনো বিপনীৰ পৰা উদ্ধাৰ তিনি গৰাকী শিশু শ্ৰমিক।
হোজাই শিশু সুৰক্ষা গোটৰ লগতে এনজিঅ , কেইবাটাও বিভাগৰ বিভাগীয় বিষয়া কৰ্মচাৰী আৰু উদালীৰ আৰক্ষীৰ সহযোগত চলে উক্ত অভিযান।
উদ্ধাৰকৃত শিশু তিনিজনক কৰ্মত নিয়োজিত কৰা বিপনীৰ স্বতাধিকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা হৱ আইনী ব্যৱস্থা । বিদ্য়ালয়
লৈ যোৱাৰ পৰিবৰ্তে শিশু তিনি গৰাকী এইদৰে ধন উপাৰ্জন কৰিবলৈ শিশু শ্ৰমিক হিচাপে নিয়োগ কৰাত জিলা খনত ব্য়াপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা