জনজাতীয় ভূমিৰ অধিকাৰ আৰু মিছন বসুন্ধৰাৰ পৰ্যালোচনা অসমৰ মুখ্যমন্ত্ৰীৰ
ডিব্ৰুগড়, ২৮ অক্টোবৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত বুধবাৰে ডিব্ৰুগড়ত জনজাতীয় জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ সুৰক্ষা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড় আৰু তিনি
Assam CM Dr Himanta Biswa Sarma Reviewing Tribal Land Rights and Mission Basundhara Implementation.


ডিব্ৰুগড়, ২৮ অক্টোবৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত বুধবাৰে ডিব্ৰুগড়ত জনজাতীয় জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ সুৰক্ষা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত উপস্থিত হয় ।

ছ’চিয়েল মিডিয়াত তথ্য ভাগ-বতৰা কৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বৈঠকত মিছন বসুন্ধৰা ৰূপায়ণ আৰু জনজাতীয় অঞ্চলত ভূমি বসতিৰ সৈতে জড়িত সমস্যা সমাধানৰ বিষয়ে আলোচনা কৰা হয়। এই বৈঠকত মিছন বসুন্ধৰা ৪.০ৰ অধীনত প্ৰতিটো পৰিয়াল আৰু বিচাৰাধীন গোচৰৰ সৰ্বাধিক ৫০ বিঘা মাটি আবণ্টনৰ প্ৰস্তাৱৰ পৰ্যালোচনা কৰা হয়।

এই বৈঠকৰ মূল উদ্দেশ্য আছিল জনজাতীয় অঞ্চলৰ ভূমি সম্পৰ্কীয় সমস্যা সমাধান আৰু ভূমি বসতি প্ৰক্ৰিয়াৰ অগ্ৰগতি পুনৰীক্ষণ কৰা। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত দুয়োখন জিলাৰ বিভিন্ন প্ৰশাসনিক আৰু উন্নয়নমূলক বিষয়সমূহো পৰ্যালোচনা কৰা হৈছে।

------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande