এল এ চিৰ কাষত চীনে টহল দিয়াৰ নিয়ম উলংঘা কৰাটোৱে পৰিস্থিতি আৰু অৱনতি ঘটাইছে: ভাৰত
নতুন দিল্লী, ২৩ অক্টোবৰ (হি.স.)। ভাৰতে উল্লেখ কৰিছে যে চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এল এ চি) পৰিস্থিতি সময়ে সময়ে অৱনতি ঘটে যেতিয়া চীনা বাহিনীয়ে প্ৰতিষ্ঠিত টহলদাৰী পদ্ধতিৰ পৰা বিচ্যুত হয়। এনে পৰিস্থিতিত দুয়োপক্ষই কূটনৈতিক আৰু সামৰিক মাধ্
MEA Spokesperson Randhir Jaiswal


নতুন দিল্লী, ২৩ অক্টোবৰ (হি.স.)। ভাৰতে উল্লেখ কৰিছে যে চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এল এ চি) পৰিস্থিতি সময়ে সময়ে অৱনতি ঘটে যেতিয়া চীনা বাহিনীয়ে প্ৰতিষ্ঠিত টহলদাৰী পদ্ধতিৰ পৰা বিচ্যুত হয়। এনে পৰিস্থিতিত দুয়োপক্ষই কূটনৈতিক আৰু সামৰিক মাধ্যম ব্যৱহাৰ কৰি সমস্যা সমাধান আৰু ভুল বুজাবুজিৰ পৰা হাত সাৰিবলৈ লয়।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে শুকুৰবাৰে সংবাদমেলত কয় যে ভাৰত-চীন সীমান্ত অঞ্চলৰ পৰিস্থিতি সময়ে সময়ে অৱনতি ঘটে যেতিয়া চীনৰ বাহিনীয়ে প্ৰতিষ্ঠিত তহলদাৰী পদ্ধতিৰ পৰা বিচ্যুত হয়।

তেওঁ কয় যে এল এ চিৰ কাষৰীয়া বাকী থকা সমস্যাসমূহ সমাধানৰ বাবে আৰু ভুল বুজাবুজি আৰু ভুল হিচাপ এৰাই চলিবলৈ দুয়োপক্ষই বৰ্তমানৰ কূটনৈতিক আৰু সামৰিক ব্যৱস্থাসমূহ ব্যৱহাৰ কৰি আহিছে। দুয়োপক্ষই উন্নত সীমা ব্যৱস্থাপনাৰ বাবে উপযুক্ত ক্ষেত্ৰত এল এ চিৰ বুজাবুজি উন্নত কৰাৰ উপায়ৰ বিষয়েও আলোচনা কৰিবলৈ সন্মত হয়।

জয়ছৱালে উন্নত ব্যৱস্থাপনাৰ বাবে এল এ চিৰ বুজাবুজি উন্নত কৰাৰ বাবে চুক্তিসমূহৰ উল্লেখ কৰি ভাৰত-চীন দ্বিপাক্ষিক সম্পৰ্ক আগুৱাই নিয়াৰ বাবে শান্তি আৰু স্থিতিশীলতা অপৰিহাৰ্য বুলি গুৰুত্ব আৰোপ কৰে।

উল্লেখযোগ্য যে ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ সঞ্চালক প্ৰধান শত্ৰুঘন সিং কাপুৰে উল্লেখ কৰিছিল যে অৰুণাচল প্ৰদেশৰ কেইবাটাও স্থানত চীনৰ সৈতে ষ্টেণ্ডঅফ হোৱাৰ কাণ্ড সংঘটিত হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande