চীন বিষয়ক লৈ মোডী চৰকাৰক ঘেৰিছে কংগ্ৰেছ দল
নতুন দিল্লী, ২৩ অক্টোবৰ (হি.স.)। সীমান্ত সুৰক্ষা, অৰুণাচল প্ৰদেশৰ জোৱানৰ মৰ্যাদা, চীনৰ ওপৰত ক্ৰমবৰ্ধমান অৰ্থনৈতিক নিৰ্ভৰশীলতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছ দলে চীন বিষয়ত কেন্দ্ৰীয় চৰকাৰক শলঠেকত পেলাইছে। সদৌ ভাৰত কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম আৰ
पत्रकार वार्ता को संबोधित करते पवन खेड़ा


নতুন দিল্লী, ২৩ অক্টোবৰ (হি.স.)। সীমান্ত সুৰক্ষা, অৰুণাচল প্ৰদেশৰ জোৱানৰ মৰ্যাদা, চীনৰ ওপৰত ক্ৰমবৰ্ধমান অৰ্থনৈতিক নিৰ্ভৰশীলতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছ দলে চীন বিষয়ত কেন্দ্ৰীয় চৰকাৰক শলঠেকত পেলাইছে।

সদৌ ভাৰত কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেৰাই শুকুৰবাৰে দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত অভিযোগ কৰে যে মোডী চৰকাৰে চীনৰ সৈতে জড়িত স্পৰ্শকাতৰ বিষয়ত সত্য লুকুৱাই ৰখা আৰু চীনৰ আগত নতি স্বীকাৰ কৰাৰ নীতি গ্ৰহণ কৰিছে।

খেৰাই দাবী কৰে যে ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশত জোৱানৰ মাজত সংঘৰ্ষ অব্যাহত আছে। ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ সঞ্চালক প্ৰধান শত্ৰুঘন কাপুৰৰ কথিত বক্তব্যই বিষয়টো পুনৰ চৰ্চালৈ আনিছে বুলিও তেওঁ কয়। সীমান্তত নিয়োজিত জোৱানসকলৰ সাহসক প্ৰশংসা কৰি চৰকাৰৰ পৰা স্পষ্টীকৰণৰ দাবী জনায়।

২০২০ চনৰ গলৱান সংঘৰ্ষৰ কথা উল্লেখ কৰি খেৰাই কয় যে সেই সময়ছোৱাত ২০ জন ভাৰতীয় জোৱান শ্বহীদ হৈছিল। তেওঁ অভিযোগ কৰে যে চৰকাৰে চীনক ক্লীন চিট দিছিল আৰু সীমান্তৰ প্ৰকৃত পৰিস্থিতি স্পষ্ট কৰা নাছিল । ভাৰতীয় সৈন্যৰ টহল পইণ্টত প্ৰৱেশ আৰু পূব লাডাখত ২০২০ চনৰ এপ্ৰিলৰ পূৰ্বৰ অৱস্থা পুনৰ ঘূৰাই অনাৰ ক্ষেত্ৰতো তেওঁ প্ৰশ্ন উত্থাপন কৰে।

চীনৰ সৈতে বৃদ্ধি পোৱা বাণিজ্য ঘাটিৰ বিষয়টো উত্থাপন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে চীন ৯৯ বিলিয়ন ডলাৰৰ পৰা ১১২ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। চীনৰ বিনিয়োগ, ভিছাৰ নিয়ম, আৰু বিৰল খনিজ পদাৰ্থ, সাৰ, ঔষধৰ কেঁচামালৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবেও তেওঁ চৰকাৰক সমালোচনা কৰে।

খেড়াই অভিযোগ কৰে যে সীমা বিবাদক লৈ চৰকাৰে নীতি পৰিৱৰ্তনে চীনক লাভান্বিত কৰিছে। অৰুণাচল প্ৰদেশৰ শ্বেৰা-৫, আছাফিলা, মাজা, আৰু টাস্কিন অঞ্চলত টহল দিয়াৰ মৰ্যাদা সন্দৰ্ভত চৰকাৰৰ পৰা উত্তৰ দাবী কৰে। চীনৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈও ভাৰতে কি অৰ্জন কৰিছে বুলিও তেওঁ প্ৰশ্ন কৰে।

মন কৰিবলগীয়া যে আইটিবিপিৰ সঞ্চালক প্ৰধান শত্ৰুঘ্ন কাপুৰে বৃহস্পতিবাৰে আলৱাৰত অনুষ্ঠিত এক অনুষ্ঠানত উল্লেখ কৰে যে জুলাই মাহৰ পৰা অৰুণাচল প্ৰদেশৰ কেইবাটাও স্থানত চীনা সৈন্যৰ সৈতে সংঘৰ্ষ চলি আছে। তেওঁ নৱগঠিত শৌৰ্য কমাণ্ডোৰ প্ৰদৰ্শনক প্ৰশংসা কৰে।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande