ছাইফ আলী খানৰ আগন্তুক ছবিত আৰু দেখা নাযাব প্ৰিয়ংকা চোপ্ৰাক
মুম্বাই, ২১ অক্টোবৰ (হি.স.)। অভিনেতা ছৈফ আলী খান আৰু চলচ্চিত্ৰ নিৰ্মাতা ৰিতেশ বাত্ৰাৰ আগন্তুক ছবিত আৰু দেখা নাযাব প্ৰিয়ংকা চোপ্ৰাক। খবৰ অনুসৰি, প্ৰিয়ংকাই প্ৰথমে শিৰোনামহীন পিৰিয়ড নাটকখনত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰাৰ কথা আছিল যদিও ব্যস্ত পে
सैफ अली खान, प्रियंका चोपड़ा - फोटो सोर्स एक्स


মুম্বাই, ২১ অক্টোবৰ (হি.স.)। অভিনেতা ছৈফ আলী খান আৰু চলচ্চিত্ৰ নিৰ্মাতা ৰিতেশ বাত্ৰাৰ আগন্তুক ছবিত আৰু দেখা নাযাব প্ৰিয়ংকা চোপ্ৰাক। খবৰ অনুসৰি, প্ৰিয়ংকাই প্ৰথমে শিৰোনামহীন পিৰিয়ড নাটকখনত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰাৰ কথা আছিল যদিও ব্যস্ত পেছাদাৰী কাৰ্যসূচীৰ বাবে প্ৰিয়ংকাই এই প্ৰকল্পৰ পৰা আঁতৰি আহিছে। ছাইফ আৰু প্ৰিয়ংকাক প্ৰথমবাৰৰ বাবে পৰ্দাত একেলগে দেখাৰ আশা কৰা অনুৰাগীসকল হয়তো হতাশ হ’ব। ২১ অক্টোবৰৰ পৰা মুম্বাইৰ বাইকুলাৰ এটা সংগ্ৰহালয়ত শ্বুটিং আৰম্ভ হোৱাৰ কথা জানিব পৰা গৈছে।

খবৰ অনুসৰি প্ৰিয়ংকাই মুম্বাইত শ্বুটিঙত যোগদান কৰাৰ কথা আছিল যদিও তেওঁৰ অন্যান্য পেছাদাৰী প্ৰতিশ্ৰুতিৰ বাবে শ্বুটিঙৰ তাৰিখ একে হ’ব পৰা নাছিল। এক সূত্ৰৰ মতে, প্ৰিয়ংকা ছাইফ আৰু ৰিতেশ বাত্ৰাৰ সৈতে কাম কৰিবলৈ আগ্ৰহী আছিল। প্ৰযোজকসকলে প্ৰকল্পটোৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ চেষ্টা কৰিছিল যদিও কথাবোৰ ঠিক নহ’ল। ফলস্বৰূপে অভিনেত্ৰীগৰাকীয়ে প্ৰকল্পটো এৰিবলগীয়া হ’ল।

প্ৰিয়ংকাৰ প্ৰস্থানৰ পিছতে প্ৰযোজকসকলে প্ৰতিস্থাপন কৰিবলৈ সাজু হৈছে। খবৰ অনুসৰি, বৰ্তমান এই চৰিত্ৰটোৰ বাবে দুগৰাকী আগশাৰীৰ অভিনেত্ৰীৰ আলোচনা চলি আছে, আৰু অতি সোনকালে চূড়ান্ত ৰূপ দিয়াৰ সম্ভাৱনা আছে। বৰ্তমান পৰিচালক ৰিতেশ বাত্ৰাই ছৈফ আলী খানৰ সৈতে ছবিখনৰ কাম কৰি আছে। প্ৰাৰম্ভিক পৰ্যায়ত ছাইফে নিজৰ অংশৰ শ্বুটিং কৰিব। অৱশ্যে ছবিখনৰ মুখ্য অভিনেত্ৰী আৰু অন্যান্য সবিশেষ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাৰ বাবে অপেক্ষা কৰি আছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande