আফগান সীমান্তত গুলীচালনা, বেলুচিস্তানত ১৮ জন মাৰ্বল কাৰখানাৰ শ্ৰমিকক অপহৰণ
ইছলামাবাদ (পাকিস্তান), ১৮ অক্টোবৰ (হি.স.)। খুজদাৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগত অৱস্থিত খুজদাৰ জিলাৰ মাৰ্বলৰ কাৰখানাত ১৮ জন শ্ৰমিকক অপহৰণ কৰা হয়। খুজদাৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত অস্থিৰ বেলুচিস্তান প্ৰদেশত অৱস্থিত এই কাৰখানাটো। ইফালে আফগান
982d0f21033cb60dee424d39a662cc59_1069964376.jpg


ইছলামাবাদ (পাকিস্তান), ১৮ অক্টোবৰ (হি.স.)। খুজদাৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগত অৱস্থিত খুজদাৰ জিলাৰ মাৰ্বলৰ কাৰখানাত ১৮ জন শ্ৰমিকক অপহৰণ কৰা হয়। খুজদাৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত অস্থিৰ বেলুচিস্তান প্ৰদেশত অৱস্থিত এই কাৰখানাটো। ইফালে আফগান তালিবান বাহিনীৰ গুলীত পাকিস্তানী সেনাই তীব্ৰ প্ৰত্যাহ্ৰান জনায় ।

দ্য বেলুচিস্তান পোষ্টৰ মতে, খুজদাৰ জিলাৰ নাল অঞ্চলৰ বেছাৰ পাহাৰৰ সমীপত অৱস্থিত মাৰ্বলৰ কাৰখানাত অস্ত্ৰধাৰী লোকে আক্ৰমণ কৰি ১৮ জন শ্ৰমিকক অপহৰণ কৰে।

আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে সন্ধিয়া কেইবা ডজন অস্ত্ৰধাৰী লোকে বাহন আৰু মটৰ চাইকেলেৰে কাৰখানাটোত প্ৰৱেশ কৰি শ্ৰমিকসকলক লৈ যায়।

লগতে দুখন গাড়ী আৰু এখন লোডাৰো লৈ যায় অস্ত্ৰধাৰী লোকসকলে।

দ্য নিউজৰ মতে, আফগান তালিবান বাহিনীয়ে আপাৰ কুৰামৰ টাইডা খণ্ড আৰু ঘোজগড়ীত অপ্ৰৰোচিত গুলীচালনা কৰাৰ ফলত পাকিস্তানী সেনাৰ ফালৰ পৰা তীব্ৰ প্ৰত্যুত্তৰ দিয়া হয় । পাকিস্তানী সেনাই আফগান তালিবানৰ টপছাৰ পোষ্ট আৰু শিপোলা বেছ কেম্পক লক্ষ্য কৰি লয়। গুলীচালনাৰ বিনিময়ত কেইবাজনো আফগান তালিবান যোদ্ধা নিহত হয়, আৰু শ্বিপোলা বেছ কেম্প ধ্বংস হয়।

তথ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি চলিত মাহৰ আৰম্ভণিতে পাকিস্তানে আফগানিস্তানত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানত নিখুঁত বিমান আক্ৰমণ চলাইছিল । কেইবাবাৰো আলোচনা চলি থকাৰ পাছতো ইছলামাবাদ আৰু কাবুলৰ মাজত মতানৈক্য সমাধান কৰিব পৰা নাই।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande