এইচ ডি এফ চি বেংকৰ দ্বিতীয় ত্ৰৈমাসিকৰ লাভ ৫.৫৫ শতাংশ বৃদ্ধি পাই ২০,৭০০ কোটি
নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। দেশৰ সৰ্ববৃহত ব্যক্তিগত খণ্ডৰ এইচ ডি এফ চি বেংকে চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ দ্বিতীয় ত্ৰৈমাসিক (জুলাই-ছেপ্টেম্বৰ)ৰ ফলাফল শনিবাৰে ঘোষণা কৰে। ছেপ্টেম্বৰ ত্ৰৈমাসিকত বেংকটোৰ সমন্বিত নিকা লাভ ৫.৫৫ শতাংশ বৃদ্ধি পাই ২০,৭০
एचडीएफसी बैंक के लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। দেশৰ সৰ্ববৃহত ব্যক্তিগত খণ্ডৰ এইচ ডি এফ চি বেংকে চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ দ্বিতীয় ত্ৰৈমাসিক (জুলাই-ছেপ্টেম্বৰ)ৰ ফলাফল শনিবাৰে ঘোষণা কৰে। ছেপ্টেম্বৰ ত্ৰৈমাসিকত বেংকটোৰ সমন্বিত নিকা লাভ ৫.৫৫ শতাংশ বৃদ্ধি পাই ২০,৭০০ কোটি টকা হৈছে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত ১৯,৬১১ কোটি টকা আছিল।

ষ্টক এক্সচেঞ্জত দাখিল কৰি এইচ ডি এফ চি বেংকে কয় যে জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকৰ বাবে তেওঁলোকৰ স্বতন্ত্ৰ নিকা লাভ ৪.৭ শতাংশ জপিয়াই ১৯,৫১০ কোটি টকা হৈছে। ইফালে, বিগত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত বেংকৰ মুঠ আয় ৯১,০৪০ কোটি টকাৰ পৰা জুলাই-ছেপ্টেম্বৰ সময়ছোৱাত ৯৭,২৫৮ কোটি টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে মুঠ ব্যয় ৬৩,১১৭ কোটি টকাৰ পৰা ৬৭,৭৭৪ কোটি টকালৈ বৃদ্ধি পাইছে।

বেংকটোৱে জনোৱা মতে, বিগত বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত ৩৫০০ কোটি টকাৰ তুলনাত জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত প্ৰভিজন আৰু আকস্মিকতাৰ বাবে আঁতৰাই ৰখা ধনৰাশি সামান্যভাৱে বৃদ্ধি পাই ৩৫৭৩.৬২ কোটি টকা হৈছে। বেংকটোৱে জনোৱা মতে, ট্ৰেজাৰীৰ প্ৰদৰ্শন বাদ দিলে বছৰৰ পিছত বছৰ ধৰি কৰ পিছত লাভ (পিএটি) ১২.৬ শতাংশ বৃদ্ধি পাইছে।

এইচ ডি এফ চি বেংকে জনোৱা মতে, চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ দ্বিতীয় ত্ৰৈমাসিকত মুঠ নন-পাৰফৰ্মিং এচেট (জি এন পি এ) অনুপাত ১.১১ শতাংশলৈ উন্নত হৈছে, যিটো পূৰ্বৰ ত্ৰৈমাসিকত ১.১৭ শতাংশ আৰু পূৰ্বৰ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত ১.২৪ শতাংশ আছিল। ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে বেংকটোৰ সামগ্ৰিক মূলধন পৰ্যাপ্ততা অনুপাত (চিএআৰ) ১৮.৯ শতাংশ আছিল, যিটো এবছৰৰ পূৰ্বে ২০ শতাংশ আছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande