
নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। পশ্চিম এছিয়াত চলি থকা সংকটৰ মাজতে খাৰুৱা তেলৰ মূল্য পুনৰ আকাশলংঘী হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত মে’ মাহৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতি বেৰেলত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ১১০ ডলাৰত উপনীত হৈছে। বৰ্তমান বিশ্বৰ পৰিস্থিতিৰ বাবেই খাৰুৱা তেলৰ এই মূল্যবৃদ্ধি দেখা গৈছে।
আন্তৰাষ্ট্ৰীয় বজাৰত শনিবাৰে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ৩.৯৪ ডলাৰ অৰ্থাৎ ৩.৭২ শতাংশ জপিয়াই প্ৰতি বেৰেলত ১০৯.৯ ডলাৰত উপনীত হয়। মে’ মাহৰ পিছত এইবাৰ ব্ৰেণ্ট তেলৰ মূল্য এই স্তৰত উপনীত হৈছে। ইফালে, ডব্লিউ টি আই (ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েট) ৩.৪৪ ডলাৰ অৰ্থাৎ ৩.৫১ শতাংশ বৃদ্ধিৰে প্ৰতি বেৰেলত ১০১.৪ ডলাৰত বন্ধ হয়।
ৰাছিয়া আৰু ইৰাণৰ পৰা সৰ্বাধিক তেল আৰু গেছ ক্ৰয় কৰা পাঁচখন দেশৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ পৰা সকাহ প্ৰদান কৰিছে আমেৰিকা চৰকাৰে। ৰাছিয়া আৰু ইৰাণৰ পৰা তেল আৰু গেছ ক্ৰয় কৰা প্ৰধান দেশসমূহৰ ওপৰত ১০০% শুল্ক আৰোপ কৰা ২০২৬ চনৰ অনুমোদন ৰাছিয়া আৰু ইৰাণ আইন (গ্ৰাহাম আইন)ৰ বিধানৰ পৰা সাময়িকভাৱে ৰেহাই দিয়াৰ কথা ঘোষণা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
অৰ্থনীতি বিশেষজ্ঞসকলে কয় যে পশ্চিম এছিয়াৰ সংকট আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে খাৰুৱা তেলৰ যোগানত বাধাৰ সৃষ্টি হোৱাৰ আশংকা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এইবাৰ চৰকাৰী তেল কোম্পানীসমূহে ইতিমধ্যে পেট্ৰ’ল-ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৭.৫ পৰ্যন্ত বৃদ্ধি কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া