মৰাণত বোৱাৰীৰ আত্মহত্যাক, হত্যা বুলি দাবী কৰে মৃত আছিফা বেগমৰ পিতৃ পক্ষই, মৰাণ আৰক্ষী থানাত এজাহৰ
ডিব্ৰুগড়, ১৬ অক্টোবৰ (হি.স.)। মৰাণৰ টেঙা দলঙত এগৰাকী ২৪ বছৰীয়া বোৱাৰী আছিফা বেগমৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।মৃত আছিফা বেগমৰ পিতৃয়ে দাখিল কৰে মৰাণ আৰক্ষী থানাত এজাহাৰ।মৃত বোৱাৰীগৰাকী আছিফা বেগমৰ মৃত্যুৰ পিছতে ওলাই পৰ
মৰাণত বোৱাৰীৰ আত্মহত্যাক, হত্যা বুলি দাবী কৰে মৃত আছিফা বেগমৰ পিতৃ পক্ষই, মৰাণ আৰক্ষী থানাত এজাহৰ


ডিব্ৰুগড়, ১৬ অক্টোবৰ (হি.স.)। মৰাণৰ টেঙা দলঙত এগৰাকী ২৪ বছৰীয়া বোৱাৰী আছিফা বেগমৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।মৃত আছিফা বেগমৰ পিতৃয়ে দাখিল কৰে মৰাণ আৰক্ষী থানাত এজাহাৰ।মৃত বোৱাৰীগৰাকী আছিফা বেগমৰ মৃত্যুৰ পিছতে ওলাই পৰিছে এটা পিছত আনটো ৰহস্য ।আছিফা বেগমৰ পিতৃয়ে জনাই যে আছিফা বেগমক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে। এইয়া এক পৰিকল্পিত হত্যা বুলি দাবী কৰে পৰিয়ালটোৱে।আছিফা বেগম নিজ ইচ্ছাৰে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছৰ পৰা আছিফা বেগমৰ স্বামীয়ে আছিফা বেগমৰ পৰিয়ালৰ পৰা আছিফা বেগমক আঁতৰাই ৰখাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে আছিফা বেগমৰ পৰিয়ালে।

আছিফা বেগমৰ স্বামী নাজিৰুল হুছেইনে যোৱা ৩বছৰত মাত্ৰ ২ঘণ্টাৰ বাবে আছিফা বেগমক পিতৃ গৃহলৈ যাব দিয়ে বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে।যোৱা দেওবাৰে আছিফা বেগমৰ নিজ ককায়েকে আছিফা বেগমক চিকিৎসাৰ বাবে নিবলৈ অনুৰোধ জনোৱাত' আছিফা বেগমৰ স্বামী নাজীৰুল হুছেইনে জনাই যে যদি নিব আছে অধিবক্তা বা কাজী লৈ একেবাৰে লৈ যোৱা।আছিফা বেগমে নিজ পিতৃ গৃহলৈ যাবলৈ ওলালে স্বামী নাজীৰুল হুছেইনে বিবাহ বিচ্ছেদৰ ভাবুকি দিয়ে বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে।

আনফালে, মৰাণ টেঙা দলংৰ নিবাসী আছিফা বেগমৰ স্বামী নাজীৰুল হুছেইনে জনাই যে যোৱা কালি তেঁওৰ পত্নী আছিফা বেগমে ঘৰৰ কোঠাত চিলিং ফেনত আত্মহত্যা কৰে বুলি।মৰাণ মেডিকেল চেন্টাৰে মৃত ঘোষণা কৰাৰ পিছত মৰাণ আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰাৰ পিছৰ পৰাই ওলাই আহিছে বহু বিস্ফুৰক তথ্য।আছিফা বেগমৰ শৰীৰৰ না না অংগত পোৱা চীন সমূহৰ পিছত এক সন্দেহত সাঙোৰ খাইছে এইয়া আচলতে আত্মহত্যা নে পৰিকল্পিত হত্যা।মৰণোত্তৰ পৰীক্ষাৰ পিচতে মৃত আছিফা বেগমৰ মাতৃ - পিতৃয়ে মৃতদেহটো নিজ ঘৰ গেলেকীলৈ লৈ যায় ধৰ্মীয় ৰীতি-নীতি কবৰৰ বাবে।

উল্লেখযোগ্য যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পিছত হে ওলাই পৰিব আচলতে আছিফা বেগমৰ এইয়া আত্মহত্যা নে হত্যা।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande